হাইলাকান্দি জিলাৰ বোৱালিপাৰ অঞ্চলত ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা (Road Accident)। একেই স্থানতে একাদিক্ৰমে সংঘটিত দুই পথ দুৰ্ঘটনাত আহত হৈছে মুঠ ১১গৰাকী, ইয়াৰ ভিতৰত আছে এগৰাকী গৰ্ভৱতী মহিলা (pregnant woman) আৰু তিনি আৰক্ষী (police)।
প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় সন্ধিয়া আনুমানিক ৬.৩০ বজাত। দুই দিশৰ পৰা অহা অটো আৰু টাটা টিয়াগো গাড়ীৰ মুখামুখি সংঘৰ্ষত আহত হয় ৪গৰাকী ব্যক্তি। অটোত থকা এগৰাকী গৰ্ভৱতী মহিলাও আহত হয় আৰু দ্বিতীয় দুৰ্ঘটনা হয় ইয়াৰ প্ৰায় আধা ঘন্টা পিছত।
প্ৰথম দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে প্ৰতিবাদত ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ফলতে ৰাষ্ট্ৰীয় ঘাইপথত (National Highway) সৃষ্টি হয় যান-জঁট। এই সমস্যা নিৰসনৰ বাবে আৰু দুৰ্ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় আৰক্ষী। কিন্তু হঠাতে আলগাপুৰ এলেকাৰ পৰা হাইলাকান্দি অভিমুখে যোৱা এক তীব্ৰ বেগী এল্টো গাড়ীয়ে খুন্দিয়াই ঘাইপথত থকা আৰক্ষীসহ কেইজনমান স্থানীয় ৰাইজক ।
দ্বিতীয় দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে হাইলাকান্দি (Hailakandi)ৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, ট্ৰেফিক বিভাগত কৰ্মৰত দুই আৰক্ষী সুকান্ত দাস আৰু হেমন্ত বৰ্মন। ইয়াৰ লগতে আহত হৈছে আন চাৰিগৰাকী স্থানীয় লোক। আহতসকলক ইতিমধ্যে হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
কিন্তু প্ৰথম দুৰ্ঘটনাত আহত হোৱা গৰ্ভৱতী মহিলা ৰাকিয়া বেগমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ইপিনে, প্ৰথমটো দুৰ্ঘটনা সংঘটিত কৰা অটো আৰু টাটা টিয়াগো বাহন দুখন আৰক্ষীয়ে জব্দ কৰিলেও দ্বিতীয় দুৰ্ঘটনাত আৰক্ষী খুন্দিয়াই পলাই যায় এল্টো গাড়ীখন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|