মৰণফান্দত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰায় প্ৰতিদিনেই ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ পথচাৰী বা বাহনৰ আৰোহী আহত বা নিহত হ'ব লগা হৈছে। ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাত পথ দুৰ্ঘটনা সংঘটিত হৈছে সঘনাই।
দুৰ্ঘটনা ৰোধ কৰাৰ সঠিক পৰিকল্পনা নথকাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে বুলি সচেতন মহলে দাবী কৰে। বুধবাৰে আবেলি গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী লোকে মৃত্যুক আঁকোৱালি লয় (Road Accident at Goshaigaon)।
গোসাঁইগাঁওৰ পৰা মটৰচাইকেলৰে নিজ গৃহলৈ গৈ থকা সময়ত ট্ৰাকৰ লগত মটৰ চাইকেলৰ খুন্দা লাগি ঘটনাস্থলীতে গোসাঁইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নিহত হোৱাৰ লগতে আন এজন অৱসৰপ্ৰাপ্ত মণ্ডলৰ চিকিৎসালয়ত নিয়াৰ পিছতেই মৃত্যু হয়।
দুৰ্ঘটনাত নিহত ব্যক্তি দুগৰাকী ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বাসন্তীপুৰ গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক বিমল ৰায় আৰু হৰিপুৰ গাঁৱৰ অৱসৰ প্ৰাপ্ত মণ্ডল উপেন্দ্ৰ নাথ ৰায়।
উল্লেখ্য যে নিহত অৱসৰ প্ৰাপ্ত শিক্ষক বিমল ৰায় গোসাঁইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি আছিল। ৰে'ল অৱৰোধৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাবে প্ৰশাসনে বিমল ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ বাবে গোসাঁইগাঁও কোৰ্টত উপস্থিত হৈ উভতি অহাৰ বাটত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে বিমল ৰায়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|