ছয়গাঁৱত ইণ্ডিকাক খুন্দিয়াই দলঙত ওলমি ৰ’ল যাত্ৰীবাহী বাছ

এই দুৰ্ঘটনাত মৃত্যু হয় বাছখনৰ হেন্দিমেনজনৰ। স্থানীয় লোকে ততাতৈয়াকৈ বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে।

News18-Assam
Updated:July 8, 2019, 10:28 PM IST
ছয়গাঁৱত ইণ্ডিকাক খুন্দিয়াই দলঙত ওলমি ৰ’ল যাত্ৰীবাহী বাছ
এই দুৰ্ঘটনাত মৃত্যু হয় বাছখনৰ হেন্দিমেনজনৰ। স্থানীয় লোকে ততাতৈয়াকৈ বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে।
News18-Assam
Updated: July 8, 2019, 10:28 PM IST
দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধনত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ গোৱৰ্ধনৰ শনি মন্দিৰৰ সমীপত গুৱাহাটী অভিমুখী এখন আলট্ৰা বাছে খুন্দা মাৰে এখন ইণ্ডিকাক। দুৰ্ঘটনাৰ ফলত পথত থকা এখন দলঙৰ ৰেলিঙত ওলমি ৰয় বাছখন। যাৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছখনত থকা ৩০জনৰো অধিক যাত্ৰীৰ। এই দুৰ্ঘটনাত মৃত্যু হয় বাছখনৰ হেন্দিমেনজনৰ। স্থানীয় লোকে ততাতৈয়াকৈ বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে। দুৰ্ঘটনাত ইণ্ডিকাখনৰ আৰোহীকেইজনো আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে দুৰ্ঘটনাৰ পিছত বাছখনৰ ইঞ্জিনত চেপা খাই বহু সময় ধৰি ছটফটাই আছিল হেন্দিমেনজন। স্থানীয় লোকে বাছখনৰ আগৰ অংশ কাটি হেন্দিমেনজনক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও কিছু সময়ৰ পিছতে মৃত্যু হয় হেন্দিমেনজনৰ। পিছত ওচৰৰে গেৰেজলৈ নি বাছখনৰ আগৰ অংশ কাটি হেন্দিমেনজনৰ মৃতদেহটো উদ্ধাৰ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি