বঙাইগাঁৱৰ চাপৰাকাটাত আজি নিশা আঠ মান বজাত সংঘটিত হয় দুৰ্ঘটনা।
বঙাইগাঁৱৰ চাপৰাকাটাত আজি নিশা আঠ মান বজাত সংঘটিত হয় দুৰ্ঘটনা।
বঙাইগাঁৱৰ চাপৰাকাটাত আজি নিশা আঠ মান বজাত ট্ৰাক আৰু হুণ্ডাই টেন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন লোক নিহত হয় ৷ নিহত যুৱকজন পোপৰাগাঁৱৰ বাবুল দাস (৩০) বুলি জানিব পৰা গৈছে ৷
চাৰি শাখাযুক্ত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশৰে আহি থকা এমএইচ ১৮ এএ ৯৮৬১ নম্বৰৰ বাঁহভৰ্তি ট্ৰাক এখনৰ সৈতে এএছ ১৯ ডি ৪৩৩২ নম্বৰৰ চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হয় ।
দুৰ্ঘটনাত বাহনখনত থকা বাবুল দাস আৰু বিকাশ বৰ্মন গুৰুতৰভাৱে আহত হয় যদিও সংকটজনক অৱস্থাত দুয়োকে বঙাইগাঁৱৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰাত বাবুল দাসক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|