নগাঁৱৰ বেবেজীয়াত সোমবাৰে নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে নগাঁৱৰ জনপ্ৰিয় বন বিষয়া সুৰজিৎ সিঙে।
জানিব পৰা মতে, বন বিভাগৰ কাৰ্যালয়লৈ পুৱাই ওলাই যোৱা সুৰজিৎ সিঙে ঘূৰি অহাৰ পথত বেবেজীয়াত সামগ্ৰী ক্ৰয় কৰাৰ বাবে নিজৰ বাহনৰ পৰা নামিছিল। কিন্তু সেইসময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই নিয়ে বিষয়াগৰাকীক।
ঘটনাৰ পিছতে, সুৰজিৎ সিঙক ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেঁওক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে, নগাঁও বন সংমণ্ডল কাৰ্যালয়ত দীৰ্ঘদিনে কৰ্মৰত হৈ থকা সুৰজিৎ সিং নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো জড়িত আছিল। বিষয়াগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|