মৰিগাঁও ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। ৰৈ থকা MN 05C 0482 নম্বৰৰ তেলভৰ্তি টেংকাৰত প্ৰচণ্ড খুন্দা AS 02AB 4198 নম্বৰ বলেৰো বাহনৰ। ধৰমতুল আৰক্ষী থানাৰ সন্মুখত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বলেৰ’ বাহনখনৰ চালকজন।
সংকটজনক অৱস্থাত গাড়ী কাটি উদ্ধাৰ কৰা হয় বলেৰ’ বাহনৰ চালকজনক। লগে লগে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চালকজনক। আহত চালকজন কাৰ্বি আংলঙৰ মাঞ্জাৰ থাংমিনহাও বুলি জানিব পৰা গৈছে।
তেল পৰিবাহী টেংকাৰখন মণিপুৰ অভিমুখী আৰু বলেৰ’খন কাৰ্বি আংলং অভিমুখযী আছিল। উল্লেখযোগ্য যে মাঘ বিহুৰ দিনা সেই স্থানতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন তীৰ্থযাত্ৰীৰ বাহন।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 04, 2023, 09:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।