মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Nimatighat Boat Tragedy : কালি চলিল চৰকাৰী জাহাজ আজি চলিল ৰো-পেক্স, নিমাতীঘাটৰ কৰুণ বিননীত চকু মেলিছে নেকি চৰকাৰে

Nimatighat Boat Tragedy : কালি চলিল চৰকাৰী জাহাজ আজি চলিল ৰো-পেক্স, নিমাতীঘাটৰ কৰুণ বিননীত চকু মেলিছে নেকি চৰকাৰে

News18 Assam | News18-Assam
Updated:September 11, 2021, 5:12 PM IST
Nimatighat Boat Tragedy : কালি চলিল চৰকাৰী জাহাজ আজি চলিল ৰো-পেক্স, নিমাতীঘাটৰ কৰুণ বিননীত চকু মেলিছে নেকি চৰকাৰে
Nimatighat Boat Tragedy : কিনি অনাৰ প্ৰায় ৭ মাহৰ পিছত প্ৰথমবাৰলৈ যাত্ৰীসহ নিমাতীঘাটৰ পৰা মাজুলী (Majuli)লৈ চলিল ৰো-পেক্স (Ro-Pax) জাহাজ। ফেব্ৰুবাৰি মাহৰ ১৮ তাৰিখে উদ্ধোধন কৰা ৰো-পেক্স প্ৰথম বাৰৰ বাবে চলিল ব্ৰহ্মপুত্ৰ (Brahmaputra)ত।

  • News18 Assam
  • Last Updated: September 11, 2021, 5:12 PM IST
  • Share this:
এটা জোকাৰণি নহালৈকে যেন কাৰো গা নলৰে! নিমাতীঘাটৰ কৰুণ নাও দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ পিছত হঠাৎ এতিয়া দুৰ্দান্ত কৰ্মী বিভাগত পৰিণত হৈছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। ৮ ছেপ্টেম্বৰৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পিছত লগে লগে বন্ধ হ'ল এটা ইঞ্জীনযুক্ত ফেৰী। শুকুৰবাৰৰ পৰা চলিল চৰকাৰী জাহাজ। মাজুলী-নিমাতীঘাতৰ যাত্ৰীয়ে প্ৰথমবাৰৰ বাবে লাইফ জেকেট পিন্ধি কৰিলে যাত্ৰা। আৰু আজি নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandramohan Patowary)য়ে ৰো-পেক্স জাহাজ চলাৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

উল্লেখ্যে যে প্ৰায় কিনি অনাৰ প্ৰায় ৭ মাহৰ পিছত প্ৰথমবাৰলৈ যাত্ৰীসহ নিমাতীঘাটৰ পৰা চলিল ৰো-পেক্স জাহাজ। ফেব্ৰুবাৰি মাহৰ ১৮ তাৰিখে উদ্ধোধন কৰা ৰো-পেক্স প্ৰথম বাৰৰ বাবে চলিল ব্ৰহ্মপুত্ৰত।

নিমাতীঘাটৰ পৰা মাজুলীৰ অফলামূখ ঘাটলৈ চলে ৰো-পেক্সখন। কিন্তু বিগত ৭ মাহত ৰো-পেক্সখন ৰখাবৰ বাবে কোনো ধৰণৰ আন্তগাথনি নিৰ্মাণ নকৰাৰ বাবে মাজুলীৰ অফলামূখ ঘাটত ৰো-পেক্সখন ৰখোৱাত যথেষ্ট অসুবিধা হয় বুলি জানিব পৰা গৈছে।
Published by: Manjumoni Borah
First published: September 11, 2021, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি