নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত নগাঁৱৰ বিৰুদ্ধে গুৱাহাটীৰ সহজ জয়।
অসমৰ প্ৰতিভাসম্পন্ন অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ বিধ্বংসী বলিঙত তাচপাতৰ দৰে খহিল বিপক্ষৰ উইকেট। ৰিয়ানৰ দুৰ্দান্ত বলিঙৰ দৰ্শন অৱশ্যে ঘৰুৱা দৰ্শকেহে লাভ কৰিলে। বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ছেমিফাইনেল খেলত মঙলবাৰে ৰিয়ানৰ এই অদমনীয় বলিং প্ৰতিভা দেখিলে ৰাইজে। উল্লেখযোগ্য যে, বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ছেমিফাইনেল খেলত মঙলবাৰে গুৱাহাটীয়ে নগাঁৱক প্ৰথম দিনাই এক ইনিংছ আৰু ৪৯ ৰানত পৰাস্ত কৰে।
গুৱাহাটীৰ এই বিজয়ৰ মূল নায়ক আছিল প্ৰতিভাৱান তথা ষ্টাৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ দাস। ৰিয়ানে প্ৰথম ইনিংছত ২৮ ৰানত ছটা উইকেট দখল কৰে। যাৰ বাবে নগাঁও দলে মাত্ৰ ৬১ ৰানতে প্ৰথম ইনিংছ সামৰে। ইয়াৰ প্ৰত্যুত্তৰত গুৱাহাটীয়ে বেট ধৰিবলৈ আহি নিজৰ প্ৰথম ইনিংছ সামৰে ১৩৩ ৰানত। ইয়াৰ পাছতে দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ অহা নগাঁৱে পুনৰ এবাৰ গুৱাহাটীৰ বলাৰৰ সন্মুখত অসহায় হোৱা পৰিলক্ষিত হয়। মাত্ৰ ৮.৫ অভাৰ খেলি ২৩ ৰানতে দ্বিতীয় ইনিংছ সামৰে নগাঁৱে। আৰু এইদৰে খেলৰ প্ৰথম দিনাই গুৱাহাটীয়ে নগাঁৱক এক ইনিংছ আৰু ৪৯ ৰানত পৰাস্ত কৰে।
দ্বিতীয় ইনিংছত গুৱাহাটীৰ হৈ আবু নেচিম আহমেদে ১০ ৰানত ছটা আৰু ৰিয়ান পৰাগে ১১ ৰানত দুটা উইকেট দখল কৰে। মেচখনত ৰিয়ানে মুঠ ৮টা উইকেট দখল কৰিবলৈ সক্ষম হয়।
আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত বহু কেইটা দৰ্শনীয় ইনিংছেৰে ক্ৰিকেটপ্ৰেমী তথা সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অসমৰ ৰিয়ান পৰাগৰ বিধ্বংসী বলিং স্পেলে মন্ত্ৰমুগ্ধ কৰে দৰ্শকক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|