অসমত ১০০ শতাংশই বিদ্যুতিকৰণ হ'ব। অসমত ৪ লাখ ৮০ হাজাৰ লোকৰ ঘৰত এতিয়াও বিদ্যুৎ সংযোগ নাই।
অসমত ১০০ শতাংশই বিদ্যুতিকৰণ হ'ব। অসমত ৪ লাখ ৮০ হাজাৰ লোকৰ ঘৰত এতিয়াও বিদ্যুৎ সংযোগ নাই।
এমাহৰ ভিতৰত অসমৰ ১০০ শতাংশ বাসগৃহত বিদ্যুৎ সংযোগ হ'ব। News18ৰ সন্মুখত এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। শক্তিমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ উৎপাদন শীঘ্ৰে আৰম্ভ হ'ব। অসমত ১০০ শতাংশই বিদ্যুতিকৰণ হ'ব। অসমত ৪ লাখ ৮০ হাজাৰ লোকৰ ঘৰত এতিয়াও বিদ্যুৎ সংযোগ নাই। এমাহৰ ভিতৰত অসমৰ সকলো ঘৰতে বিদ্যুৎ সংযোগ হ'ব। ১০০ শতাংশ বাসগৃহত বিদ্যুৎ সংযোগ থকা ৰাজ্যত পৰিণত হম অসম।'
শক্তিমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'অসমৰ প্ৰতিঘৰতে অতিকমেও চাৰে ২৩ ঘণ্টা বিজুলী যোগান ধৰিব চৰকাৰে। বিল লোৱা, বিল দিয়াৰ প্ৰয়োজন নহ'ব অসমত। সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰ সংযোগ কৰিব চৰকাৰে। পুৰণি মিটাৰৰ ঠাইত ই-মিটাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে। যাৰফলত বিদ্যুতৰ মাচুল পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহ'ব গ্ৰাহক।'
ইফালে দেশ আগবাঢ়িবলৈ হ'লে নদীবান্ধ লাগিবই বুলি দৃঢ়তাৰে ক'লে শক্তিমন্ত্ৰী বিমল বৰাই। নামনি সোৱনশিৰিৰ বৃহৎ নদীবান্ধৰ উৎপাদন শীঘ্ৰে আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে News18ৰ আগত জানিবলৈ দিয়ে। নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ ফলত অসমৰ ৰাইজ উপকৃত হ'ব বুলি কয় শক্তি মন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|