সামান্য কথাতে ছুৰীৰে হানি-খুচি হত্যা কৰিলে ঋতুপৰ্ণ পেগুক
সামান্য কথাতে ছুৰীৰে হানি-খুচি হত্যা কৰিলে ঋতুপৰ্ণ পেগুক
‘এতিয়া মোৰ কি হ’ব? কেনেকৈ জীয়াই থাকিম মই? তেওঁ ক’ত গ’ল?’- ৭ মহীয়া সন্তানটিক বুকুত সাৱটি ঋতুপৰ্ণ পেগুৰ পত্নীৰ হাহাকাৰ। ৰাজপথত স্বামীক বিচাৰি কৰুণ আৰ্তনাদ ঋতুপৰ্ণৰ পত্নীৰ।
শুকুৰবাৰে দিন-দুপৰতে হানি-খুচি হত্যা কৰা হ’ল ঋতুপৰ্ণ পেগুক। এতিয়া ঋতুপৰ্ণ পেগুৰ অবিহনে কি হ’ব সাত মহীয়া সন্তান আৰু পত্নীৰ? হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত মহীয়া সন্তানটিক বুকুত সাৱটি উপস্থিত হয় ঋতুপৰ্ণৰ পত্নী।
গুৱাহাটীৰ নুনমাটিৰ এখন দোকানৰ সন্মুখত হোৱা এই হত্যাকাণ্ডই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সকলোৱে এতিয়া বিচাৰিছে ঋতুপৰ্ণই ন্যায় পোৱাটো। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যা কাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী, দুলাল আলী, ইব্ৰাহিম আলী আৰু মনোৱাৰা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীকো আটক কৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|