শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ ২৩ বছৰীয়া মেধাৱী যুৱতী গৰাকীৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা। হাঁহচৰা বোকানগৰৰ নিবাসী ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা ঋতুমণি হাজৰিকাজটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছি দীৰ্ঘদিন। কিন্তু ধনৰ অভাৱৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাছিল যুৱতীগৰাকীৰ৷
বহুদিন ধৰি বিছনাতে পৰি থকা ঋতুমণিয়ে নিজে কাপোৰ পিন্ধিবও পৰা নাছিল। শৰীৰটো সাধাৰণভাৱে মেৰিয়াই থোৱা আছিল কাপোৰেৰে। মূৰত স্পৰ্শ কৰিলে বিষত চিঞৰি উঠিছিল ঋতুমণিয়ে। মানসিকভাৱে ভাগি পৰিছিল ঋতুমণিৰ পৰিয়াল।
কিন্তু সেই ঋতুমণি এতিয়া আৰোগ্যৰ পথত। ফটো দেখিলেই গম পোৱা যায় পাৰ্থক্য। নতুন জীৱন এটা লাভ কৰাৰ পথত ঋতুমণি। এই সকলো সম্ভৱ হৈছে সাংসদ তপন কুমাৰ গগৈৰ ঐকান্তিক আৰু নিস্বাৰ্থ প্ৰচেষ্টাত। ঋতুমণিৰ ৰোগৰ খবৰ লাভ কৰাৰ পাছতে ২০ জুনত শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত ভৰ্তি কৰাইছিল তপন কুমাৰ গগৈয়ে। সুচিকিৎসাৰ ফলত ঋতুমণি এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে।
সাংসদ তপন কুমাৰ গগৈয়ে লিখিছে, "জটিল ৰোগত আক্ৰান্ত হৈ ঘৰৰ বিচনাখনেই একমাত্ৰ সাৰথি হোৱা হাঁহচৰা সন্দিকৈ গাঁৱৰ মেধাৱী ছাত্ৰী ঋতুমণি হাজৰিকাক যোৱা ২০ জুনত চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ নাৰ্চিংহমত ভৰ্তি কৰাইছিলো। চিকিৎসাধীন হৈ থকা ঋতুমণিৰ স্বাস্থ্যৰ খবৰ প্ৰতি মূহুৰ্ততে ৰাখিছিলোঁ। আজি চিকিৎসালয়খনত উপস্থিত হৈ ঋতুমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক আৰু ঋতুমণিৰ পৰিয়ালৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিলোঁ। ঋতুমণি সুষ্ঠ হৈছে, কেইদিনমানৰ পাছতে ৠতুমণি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিব।"
Published by: Manjumoni Borah
FIRST PUBLISHED : July 01, 2021, 21:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।