মুখ্যপৃষ্ঠা »খবৰ »অসম »ঋতুমণি আৰু নাই! ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত মৃত্যু মেধাৱী ছাত্ৰীগৰাকীৰ

ঋতুমণি আৰু নাই! ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত মৃত্যু মেধাৱী ছাত্ৰীগৰাকীৰ

ছোৱালীজনীক সুস্থ কৰাৰ সপোন বাস্তৱায়িত নহ'ল সাংসদ তপন কুমাৰ গগৈৰ

ছোৱালীজনীক সুস্থ কৰাৰ সপোন বাস্তৱায়িত নহ'ল সাংসদ তপন কুমাৰ গগৈৰ

ছোৱালীজনীক সুস্থ কৰাৰ সপোন বাস্তৱায়িত নহ'ল সাংসদ তপন কুমাৰ গগৈৰ

  • Share this:

শিৱসাগৰ জিলাৰ হাঁহচৰাৰ মেধাৱী ছাত্ৰী ঋতুমণি হাজৰিকাৰ মৃত্যুৰ খবৰে এতিয়া সকলোকে বাকৰুদ্ধ কৰি তুলিছে ৷ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা ছাত্ৰীগৰাকীৰ  চিকিৎসাৰ দায়িত্ব লৈছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে৷ প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰাইছিল ছাত্ৰীগৰাকীৰ৷


ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম কৰ্তৃপক্ষৰ লগতে চিকিৎসক-নাৰ্ছৰ চেষ্টাত ঋতুমণি লাহে লাহে সুস্থ হৈ উঠিছিল। তাই নিজে বহিব পৰা হৈছিল, খোজ কাঢ়িছিল। তাইৰ মুখত হাঁহি দেখি সকলো আনন্দিত হৈছিল। তাই সুস্থ হৈ নাৰ্ছিংহোমৰ পৰা ঘৰলৈ আহিছিল।


সাংসদ তপন কুমাৰ গগৈৰ প্ৰচেষ্টাত লাহে লাহে সুস্থ হোৱা ঋতুমণিৰ সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ চিকিৎসাৰ বাবে চেন্নাইস্থিত এপল' চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল৷ চেন্নাইত চিকিৎসা চলিল, তাই সুস্থ হৈ ঘৰলৈ ঘূৰি আহিল। কিছুদিন ঘৰত থকাৰ পাছতে এটা বেজী ল'বৰ বাবে  পুনৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত দুদিন পূৰ্বে ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল।


কিন্তু কালি নিশাৰে পৰা ঋতুমণিৰ অত্যধিক বমি হৈছিল, পুনৰ দুৰ্বল হৈ পৰিছিল ঋতুমণি। আজি তাই বেজী লোৱাৰ পূৰ্বেই নিয়তিৰ ওচৰত হাৰ মানি  বিদায় মাগিলে। ঋতুমণিৰ মৃত্যুৰ খবৰটোৱে সকলোকে বাকৰুদ্ধ কৰি তুলিছে।


ঋতুমণিৰ এই খবৰ পোৱাৰ পিছতে দুখত ভাগি পৰিছে সাংসদ তপন কুমাৰ গগৈ  NEWS18ৰ ডিজিটেল ডেস্কৰ আগত সাংসদগৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰি কয়– ''জন্ম-মৃত্যু নিয়তিৰ লিখন। নিয়তিৰ ওচৰত আমি অসহায়। আমি সকলোৱে ঋতুমণিক সুস্থ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও নিষ্ঠুৰ নিয়তিয়ে আমাক সফল হ'ব নিদিলে। তাইৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ঋতুমণিৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মোক এইক্ষেত্ৰত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জনালোঁ।''

শেহতীয়া বাতৰি