কিছু সুস্থ হৈ উঠিছে ঋতুমণি ৷ এক জটিল ৰোগত আক্ৰান্ত হৈ থকা শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰ সন্দিকৈ গাঁৱৰ যুৱতী ঋতুমণি হাজৰিকাক যোৱা ২০ জুনত ব্ৰহ্মপুত্ৰ নাৰ্ছিহোমত ভৰ্তি কৰোৱা হৈছিল। ঋতুমণিৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। ঘৰৰ বিছনাখনেই একমাত্ৰ সাৰথি হৈ পৰা ঋতুমণিৰ চিকিৎসাৰ দায়িত্ব সাংসদ তপন কুমাৰ গগৈয়ে লৈ ডিব্ৰুগড়ৰ এখন নাৰ্ছিংহোমত ভৰ্তি কৰাইছিল৷ ঋতুমণি নাৰ্ছিংহোমত ভৰ্তি হোৱাৰ দুটা দিন পাছতে চিকিৎসা লাভ কৰি কিছু সুস্থ হৈ উঠিছে৷
গা লৰচৰ কৰিব নোৱাৰ ছোৱালীজনীয়ে আজি নিজে উঠি বহিছে। সংবাদ মাধ্যম আৰু বিভিন্ন সামজিক মাধ্যমত ঋতুমণিৰ বিষয়ে জানি সকলোৱে আৰোগ্য কামনা কৰিছিল৷ ঋতুমণিৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰা বাবে সাংসদ তপন কুমাৰ গগৈকো সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছিল৷ আজি সামাজিক মাধ্যমত নাৰ্ছিংহোমত ঋতুমণিৰ এখন ফটো প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক ধন্যবাদ জ্ঞাপন কৰিছ সকলোৱে৷
উল্লেখ্য, স্নাতক ডিগ্ৰীধাৰী মেধাৱী ছাত্ৰীগৰাকী দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ঋতুমণিক প্ৰাথমিক চিকিৎসা কৰাইছিল যদিও অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব পৰা নাছিল। শেষত সাংসদ তপন কুমাৰ গগৈয়ে সম্পূৰ্ণ চিকিৎসা ব্যয় বহনৰ দায়িত্ব লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।