• Home
  • »
  • News
  • »
  • assam
  • »
  • Rita Kakati Shah Awarded: প্ৰবাসী অসমীয়া ৰিতা কাকতি শ্বাহলৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ President Lifetime Achievement Award

Rita Kakati Shah Awarded: প্ৰবাসী অসমীয়া ৰিতা কাকতি শ্বাহলৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ President Lifetime Achievement Award

বিশ্বৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সমাজ সেৱা আৰু স্বেচ্ছামূলক কাম কাজৰ কাৰণেৰিতা কাকতি শ্বাহে (Rita Kakati Shah) লাভ কৰিছে এই বঁটা।

বিশ্বৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সমাজ সেৱা আৰু স্বেচ্ছামূলক কাম কাজৰ কাৰণেৰিতা কাকতি শ্বাহে (Rita Kakati Shah) লাভ কৰিছে এই বঁটা।

বিশ্বৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সমাজ সেৱা আৰু স্বেচ্ছামূলক কাম কাজৰ কাৰণেৰিতা কাকতি শ্বাহে (Rita Kakati Shah) লাভ কৰিছে এই বঁটা।

  • Share this:
বিশ্বৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সমাজ সেৱা আৰু স্বেচ্ছামূলক কাম কাজৰ কাৰণে প্ৰবাসী অসমীয়া ৰিতা কাকতি শ্বাহে (Rita Kakati Shah) লাভ কৰিবলৈ সক্ষম হৈছে মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰদান কৰা President Lifetime Achievement Award । বৰ্তমান নিউয়ৰ্কৰ নিবাসী ৰিতা, উনা (Una) নামৰ এটা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া । এই প্ৰতিষ্ঠানটোৱে নাৰী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আত্মবিশ্বাস প্ৰদান কৰি সৱল কৰিবলৈ বিভিন্ন প্ৰশিক্ষণ দিয়াৰ দিহা কৰে ।

ৰিতাই স্থানীয় সংবাদ মাধ্যমত জনোৱা মতে “তেওঁ যুৱচাম, নাৰী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সামাজিক আৰু অৰ্থনৈতিক উত্তৰণৰ কাৰণে আগবঢ়োৱা জীৱনজোৰা সাধনাৰ কাৰণে এই বিৰল সন্মান প্ৰদান কৰা হৈছে । উল্লেখযোগ্য, ৰিতাই অসমৰ নাৰী সকলৰ মাজত যোগাযোগ আৰু সামাজিক নেতৃত্বত দক্ষতাৰ অর্জনৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল।"

ৰিতাই অসমৰ বহু কেইখন বিদ্যালয়ত অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ উপৰিও জেষ্ঠ নাগৰিকসকলক বিভিন্ন ধৰণৰ সেৱা প্ৰদান কৰি আহিছে । ৰিতাই গুৱাহাটী বিশ্ববিদ্যালয় আৰু নগাঁও নাৰী মহাবিদ্যালয়ৰ মহিলা সৱলীকৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে । অসম তথা উত্তৰ পূৰ্বাঞ্চলত নাৰীৰ সৱলীকৰণৰ এক স্থায়ী পাঠ্যক্ৰমো প্ৰস্তুত কৰি আছে পদক প্ৰাপকগৰাকীয়ে।

জাম্বিয়াত ৰিতা কাকতি শ্বাহৰ  প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীক স্কুলৰ ইউনিফৰ্ম আৰু আন আন স্কুলৰ সামগ্ৰীও বিনামূলীয়াকৈ যোগান ধৰে । ৰিতাৰ পিতৃ দীনেশ কাকতি লণ্ডনৰ এগৰাকী চিকিৎসক । বৰ্তমান স্বামী ৰুচিন শ্বাহৰ সৈতে নিউয়ৰ্কত থাকে দুই সন্তানৰ মাতৃ ৰিতা।
Published by:Manjumoni Borah
First published: