মুখ্যপৃষ্ঠা »খবৰ »অসম »‘মিত্ৰতা নহ’লেও আক্ষেপ নাই, উপ–নিৰ্বাচনত ৫টা সমষ্টিতে জয়ী হ’ম’ – ৰিপুণ বৰা

‘মিত্ৰতা নহ’লেও আক্ষেপ নাই, উপ–নিৰ্বাচনত ৫টা সমষ্টিতে জয়ী হ’ম’ – ৰিপুণ বৰা

মিত্ৰতা হ’ব বুলি  আশা কৰিছিল বৰাই কিন্তু সকলোৰে মনৰ ভাৱ বেলেগ বেলেগ, যাৰ বাবে শেষ মুহূৰ্তত মিত্ৰতা সম্ভৱ হৈ নুঠিল।

মিত্ৰতা হ’ব বুলি  আশা কৰিছিল বৰাই কিন্তু সকলোৰে মনৰ ভাৱ বেলেগ বেলেগ, যাৰ বাবে শেষ মুহূৰ্তত মিত্ৰতা সম্ভৱ হৈ নুঠিল।

  • Share this:
মিত্ৰতা নহ’লেও  আক্ষেপ নাই ৰিপুণ বৰাৰ, কিয়নো ৫টা সমষ্টিতে উপ–নিৰ্বাচনত  কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত। বিজেপি দলে ৰাইজক কৰা নিৰ্যাতন আৰু প্ৰতাৰণাৰ ফল অহাকালি হ’বলগীয়া উপ–নিৰ্বাচনৰ ফলাফলত পাব।

উপ–নিৰ্বাচনত কংগ্ৰেছ দলে ৫টা সমষ্টিতে জয়ী হোৱাৰ আশাবাদী। ৰাইজৰ দল, AIUDFৰ লগতে অন্যান্য আঞ্চলিক দলৰ সৈতে মিত্ৰতা হ’লে ভাল আছিল, বিশেষকৈ থাওৰা, ভৱানীপুৰত সমষ্টিত, এই মন্তব্য ৰিপুণ বৰাৰ।

মিত্ৰতা হ’ব বুলি  আশা কৰিছিল বৰাই কিন্তু সকলোৰে মনৰ ভাৱ বেলেগ বেলেগ, যাৰ বাবে শেষ মুহূৰ্তত মিত্ৰতা সম্ভৱ হৈ নুঠিল। মিত্ৰতা নহ’লেও আক্ষেপ নাই ৰিপুণ বৰাৰ, কিয়নো ৫টা সমষ্টিতে উপ–নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি ক’লে বৰাই। কাৰণ ৰাজ্যত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে ৰাইজে শাসনাধিষ্ঠিত BJPক প্ৰত্যখান কৰি কংগ্ৰেছ দলক ভোট দি জয়যুক্ত কৰিব বুলি কয় ৰিপুণ বৰাই। শুকুৰবাৰে পলাশবাৰী সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা নৃপেন ঠাকুৰীয়াৰ মাতৃৰ বিয়োগৰ খবৰ লবলৈ আহি এইদৰে মন্তব্য কৰে ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই।

শেহতীয়া বাতৰি