হিমন্ত বিশ্ব থাকিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম বুলি ভাবিয়েই তেওঁ সংঘাত লগোৱাইছিলঃ আব্দুৰ ৰছিদ মণ্ডল
হিমন্ত বিশ্ব থাকিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম বুলি ভাবিয়েই তেওঁ সংঘাত লগোৱাইছিলঃ আব্দুৰ ৰছিদ মণ্ডল
সকলোকে আচৰিত কৰি দেওবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে ধুমুহা বলিছে ৰাজ্যৰ ৰাজনীতিত। বিজেপিৰ মতে, কংগ্ৰেছে ৰাজনৈতিক ভাবে হত্যা কৰিলে ৰিপুণ বৰাক। আনহাতে কংগ্ৰেছ দলেও এতিয়া ৰিপুণ বৰাৰ বিৰুদ্ধে আনিছে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ। এইবাৰ ৰিপুণ বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে।
আব্দুৰ ৰশিদ মণ্ডলে কয় যে, 'ৰিপুণ বৰা অত্যন্ত স্বাৰ্থপৰ ব্যক্তি। তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত মতবিৰোধ সৃষ্টি কৰাৰ আঁৰৰ লোকসকলৰ মাজৰ এজন ৰিপুণ বৰা। হিমন্ত বিশ্ব থাকিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিম বুলি ভাবিয়েই তেওঁ সংঘাত লগোৱাইছিল। পঞ্চায়ত,বিধানসভাৰ টিকটৰ নামত ধনৰ লেনদেনৰ যিবোৰ আলোচনা হৈছিল সেই পৰিবেশ ৰিপুণ বৰাৰ কাৰ্যকালত আৰম্ভ হৈছিল।'
'তৰুণ গগৈ,ভুৱনেশ্বৰ কলিতা সভাপতি হৈ থাকোতে ধনৰ লেনদেনৰ কথা আলোচনা কৰিবলৈ কোনেও সাহস কৰা নাছিল। কিন্তু ৰিপুণ বৰাৰ দিনত টকা পইছাৰ কথা মুকলিকৈ আলোচনা কৰাৰ বাবেই ২১ত হাৰিছিল কংগ্ৰেছ অসমত ১নম্বৰ হোৱা তাড়নাত ৰিপুণ বৰা টিএমচিলে গৈছে। কাৰন হিন্দু বেংগলী সুস্মিতা দেৱ অসমত টিএমচিৰ ১ নম্বৰ মানুহ হ'ব নোৱাৰে।'- এনেদৰে কয় আব্দুৰ ৰশিদ মণ্ডলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|