• Home
  • »
  • News
  • »
  • assam
  • »
  • Manipur Landslide | Ripun Bora : মণিপুৰৰ ভূমিস্খলনত নিহত, আহত আৰু নিৰুদ্দিষ্ট শ্ৰমিকৰ পৰিয়ালৰ কাষত ৰিপুণ বৰা, ক্ষতিপূৰণ প্ৰদানৰ দাবী

Manipur Landslide | Ripun Bora : মণিপুৰৰ ভূমিস্খলনত নিহত, আহত আৰু নিৰুদ্দিষ্ট শ্ৰমিকৰ পৰিয়ালৰ কাষত ৰিপুণ বৰা, ক্ষতিপূৰণ প্ৰদানৰ দাবী

ৰিপুণ বৰাই টুপুলত সংঘটিত ভূমিস্খলনত নিহত শ্ৰমিক-জোৱানসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে৷

ৰিপুণ বৰাই টুপুলত সংঘটিত ভূমিস্খলনত নিহত শ্ৰমিক-জোৱানসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে৷

ৰিপুণ বৰাই টুপুলত সংঘটিত ভূমিস্খলনত নিহত শ্ৰমিক-জোৱানসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে৷

  • Share this:
তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত আজি তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মণিপুৰৰ নোনী জিলাৰ টুপুলত সংঘটিত ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰিঘাট ৰাজহ চক্ৰ এলেকাৰ নিহত, আহত আৰু নিৰুদ্দেশ শ্ৰমিকৰ পৰিয়ালৰ ওচৰলৈ যায়।

প্ৰতিনিধি দলটোৱে মৰিগাঁৱৰ লাহৰিঘাট ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় আটাইকেইটা দুৰ্ভগীয়া পৰিয়ালক সাক্ষাৎ কৰি মৰ্মান্তিক ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে বৰাই৷ শ্ৰমিকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি ৰিপুণ বৰাই কয় যে পৰিয়ালসমূহৰ আৰ্থিক অৱস্থা অত্যন্ত বেয়া আৰু কেৱল পেটৰ তাড়নাত শ্ৰমিকসকলে মণিপুৰলৈ গৈছিল। কিন্তু ভূমিস্খলনত প্ৰায় ১৭টা পৰিয়াললৈ অন্ধকাৰ নামি আহিল৷

অসম চৰকাৰক নিহত, আহত আৰু নিৰুদ্দেশ হোৱা মৰিগাঁৱৰ শ্ৰমিকসকলৰ পৰিয়ালক এককালীন উপযুক্ত সাহায্য প্ৰদানৰ দাবী জনায় সভাপতি বৰাই। নিহত দুৰ্ভগীয়া শ্ৰমিকৰ পৰিয়ালৰ একোগৰাকীকৈ লোকক ৰে’লৱে কৰ্তৃপক্ষৰ সৈতে কথা পাতি ৰে’লৱেত সংস্থাপন দিয়া, ভৱিষ্যতলৈ কাম কৰিব নোৱাৰা হোৱা শ্ৰমিকক অন্যথা পৰিয়ালৰ একোগৰাকীকৈ সদস্যক অসম চৰকাৰ তথা ৰে’লৱে কৰ্তৃপক্ষক স্থায়ী সংস্থাপন দিয়াৰ দাবী জনায়৷

ইয়াৰ লগতে সংকটজনক অৱস্থাত চিকিৎসাধীন শ্ৰমিকক অধিক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনত বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা, আহত শ্ৰমিকৰ সমষ্ট চিকিৎসা ব্যয় ৰে’লৱে কৰ্তৃপক্ষ, মণিপুৰ আৰু অসম চৰকাৰক বহন কৰিবলৈ দাবী জনায়৷

ৰিপুণ বৰাই টুপুলত সংঘটিত ভূমিস্খলনত নিহত শ্ৰমিক-জোৱানসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে৷ প্ৰতিনিধি দলটোত দলৰ সাধাৰণ সম্পাদক দিগন্ত ভূষণ বৰ্মন, দলৰ মিডিয়া আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহবুব আলী, দলৰ কাৰ্যকৰী সদস্য বিশ্বজিত হাজৰিকা, পিংকু আহমেদ আৰু ৰাজীৱ আলীৰ লগতে স্থানীয় কৰ্মীসকল উপস্থিত থাকে৷

উল্লেখ্য, মৰিগাঁৱৰ লাউভুৰুংগা, ভঁৰালটোপ, কোঁচকাটি, খোৰাগোঁসাই বড়ি গাঁৱৰ হৰমোহন ডেকা, পল্লৱ লৰম, দীপাংকৰ বৰদলৈ, ৰূপেন্দ্ৰ, গোপাল ফুকনে প্ৰাণ হেৰুৱাইছে ৷ ৫গৰাকী শ্ৰমিক চিকিৎসাধীন হৈ থকাৰ লগতে ৭গৰাকী বৰ্তমানেও নিৰুদ্দেশ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি