• Home
  • »
  • News
  • »
  • assam
  • »
  • Ripun Bora : নেডাৰ আহ্বায়ক তথা মুখ্যমন্ত্ৰীৰ দায়িত্ব পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা- ৰিপুণ বৰা

Ripun Bora : নেডাৰ আহ্বায়ক তথা মুখ্যমন্ত্ৰীৰ দায়িত্ব পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা- ৰিপুণ বৰা

''ৰাইজক ৰঞ্জিত বৰাৰ হত্যাকাৰী উলিয়াব দিয়াটো দুৰ্ভাগ্যজনক।''- ৰিপুণ বৰা

''ৰাইজক ৰঞ্জিত বৰাৰ হত্যাকাৰী উলিয়াব দিয়াটো দুৰ্ভাগ্যজনক।''- ৰিপুণ বৰা

''ৰাইজক ৰঞ্জিত বৰাৰ হত্যাকাৰী উলিয়াব দিয়াটো দুৰ্ভাগ্যজনক।''- ৰিপুণ বৰা

  • Share this:

অসম-মেঘালয় সীমান্তত ৰক্তাক্ত পৰিৱেশৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মা চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি কয় ৰিপুণ বৰাই।


ৰিপুণ বৰাই NEWS18ক জনোৱা মতে, পৰিস্থিতি এনেকৈয়ে থাকিলে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিব।  হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আন্তঃৰাজ্যিক সীমান্তত উত্তেজনা বহুগুণে বৃদ্ধি পাইছে বুলি NEWS18ক অভিযোগ কৰে ৰিপুণ বৰাই।


ৰিপুণ বৰাৰ মতে কেৱল মেঘালয়তে নহয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্ততো বিৰাজ কৰিছে উত্তেজনা। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে সীমান্ততে ১১ জনৰ মৃত্যু হ'ল, বহু লোক আহত হ'ল বুলি কয় অসম তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে।


"দিল্লী, দিছপুৰ আৰু মেঘালয়ত NDA চৰকাৰ থকাৰ পিছতো সীমা সমস্যা কিয় এতিয়াও সমাধান হোৱা নাই" বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই। নেডাৰ আহ্বায়ক হিচাপেও হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। ইফালে মহানগৰীৰ মহিলা এতিয়া নিৰাপত্তাহীনতাত ভুগিছে বুলি উল্লেখ কৰি কয় যে ৰাইজক ৰঞ্জিত বৰাৰ হত্যাকাৰী উলিয়াব দিয়াটো দুৰ্ভাগ্যজনক।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি