• Home
  • »
  • News
  • »
  • assam
  • »
  • Ripun Bora: মহুৱা মৈত্ৰক ৰক্ষণাবেক্ষণ মোদী চৰকাৰক আক্ৰমণ ৰিপুণ বৰাৰ

Ripun Bora: মহুৱা মৈত্ৰক ৰক্ষণাবেক্ষণ মোদী চৰকাৰক আক্ৰমণ ৰিপুণ বৰাৰ

তৃণমূল কংগ্ৰেছৰ যোগদান সমাৰোহ আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত চৰকাৰক সমালোচনা ৰিপুন বৰাৰ।

তৃণমূল কংগ্ৰেছৰ যোগদান সমাৰোহ আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত চৰকাৰক সমালোচনা ৰিপুন বৰাৰ।

তৃণমূল কংগ্ৰেছৰ যোগদান সমাৰোহ আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত চৰকাৰক সমালোচনা ৰিপুন বৰাৰ।

  • Share this:
"অসমত কোনো বিৰোধী দল নাই। আগন্তুক দিনত অসমত তৃণমূল কংগ্ৰেছ হ'ব শক্তিশালী বিৰোধী দল।" এই মন্তব্য তৃণমূল কংগ্ৰেছ (Trinamul Congress)ৰ অসম প্ৰদেশ কমিটীৰ সভাপতি ৰিপুন বৰাৰ । আজি নগাঁৱত এক দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ আগত বৰাই কয় যে কংগ্ৰেছ (Congress) আৰু AIUDF কোনোটো দলেই ধোঁৱা তুলসীৰ পাত নহয়।দুয়োটা দলেই নিজৰ নিজৰ দুৰ্বলতা ঢাকিবৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election)ৰ পূৰ্বৰে পৰা বোকা চটিওৱা ৰাজনীতি আৰম্ভ কৰিছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কিছুসংখ্যক নেতা বিজেপি (BJP)ৰ পকেটত আছে বুলিও মন্তব্য কৰে।

ইপিনে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ (Mahua Moitra)ক ৰক্ষণাবেক্ষণ দিবলৈ গৈ তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰাই কয় যে মহুৱা মৈত্ৰই আহোম (Ahom) সম্প্ৰদায়ক আক্ৰমণ কৰি কোনো টুইট কৰা নাই। এইটো ভুল বাখ্যা হৈছে। মহুৱা মৈত্ৰই সাংসদ ৰঞ্জন গগৈ (MP Ranjan Gogoi)কহে কৈছিল। কোনো সম্প্ৰদায়ক আক্ৰমণ কৰা নাছিল।

আনহাতে GSTৰ যোগেদি মোদী চৰকাৰে দেশৰ জনতাৰ ওপৰত সন্ত্ৰাসবাদ চলাইছে বুলি মন্তব্য কৰি বৰাই কয় যে জি এছ টিৰ দ্বাৰা নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে দেশত লুট ৰাজ আৰম্ভ কৰিছে।চৰকাৰ চলাবলৈ পুঁজি নথকাৰ বাবে মোদী চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত কৰ (Tax) জাপি দিছে। বিজেপি চৰকাৰ পুঁজিপতি আৰু জনবিৰোধী চৰকাৰ। এই চৰকাৰ কেতিয়াও জনদৰদী চৰকাৰ নহয় বুলি কয় ৰিপুণ বৰাই।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি