মুখ্যপৃষ্ঠা » খবৰ

» অসম

»BJP নেতৃত্বই কংগ্ৰেছক সমালোচনা কৰাৰ অধিকাৰ নাই, নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হ'ব বিচাৰিছে: ৰিপুণ বৰা

BJP নেতৃত্বই কংগ্ৰেছক সমালোচনা কৰাৰ অধিকাৰ নাই, নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হ'ব বিচাৰিছে: ৰিপুণ বৰা

News18 Assam | News18-Assam
Updated:June 30, 2021, 1:49 PM IST
BJP নেতৃত্বই কংগ্ৰেছক সমালোচনা কৰাৰ অধিকাৰ নাই, নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হ'ব বিচাৰিছে: ৰিপুণ বৰা
বিজেপৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

বিজেপৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

  • Share this:
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ মঙলবাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। "কংগ্ৰেছক টুৰিষ্ট পলিটিকেল পাৰ্টি" বুলি কোৱা জেপি নাড্ডাক উভতি ধৰে ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই।

ৰিপুণ বৰাৰ মতে ভাৰতীয় ৰাজনীতিৰ ইতিহাস সম্পৰ্কে জেপি নাড্ডাৰ কোনো ধৰনৰ জ্ঞান নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ মতে ১৩৬ বছৰীয়া পুৰনি দল কংগ্ৰেছক সমালোচনা কৰাৰ অধিকাৰ নাই জেপি নাড্ডাৰ। নিৰ্বাচনত পৰাজয়বৰণ কৰিলেই যদি এটা ৰাজনৈতিক দল পলিটিকেল টুৰিষ্ট হয় তেন্তে পশ্চিম বংগ, তামিলনাডু, কেৰেলাত শোচনীয় ভাৱে পৰাজিত হৈ সেই ৰাজ্য সমুহত বিজেপি দল পলিটিকেল টুৰিষ্ট পাৰ্টী হ'ব নেকি বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই। সংকটৰ সময়ত অসমলৈ আহিবলৈ সময় নাই বিজেপি নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি কয় ৰিপুণ বৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে ক'ভিডৰ দ্ধিতীয় ৱেভত অক্সিজেনৰ অভাৱত, হস্পিতালৰ অভাৱত, বিছনাৰ অভাৱত দেশৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে বূলিও অভিযোগ কৰে ৰিপুণ বৰাই।

মহাজোঁটত বিপিএফ দল থকা নথকাকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ দল এতিয়াও মহাজোঁটত আছে, বিপিএফ দলে আনুষ্ঠানিক ভাৱে এতিয়াও মহাজোঁট ত্যাগ কৰা নাই বুলি কয় ৰিপুণ বৰাই। হাগ্ৰামা মহিলাৰীক চৰকাৰে ব্লেক মেইলিং কৰি ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আতৰত ৰাখিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।  বৰাই লগতে কয় যে চৰকাৰে নিয়া, চিবিআই লগাই হাগ্ৰামা মহিলাৰীক ব্লেক মেইলিং কৰিছে। গোসাইগাঁও, তামুলপুৰ আৰু মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে মহাজোঁট। নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হ'ব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে । বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰি মৰিয়নী সমষ্টিত প্ৰাৰ্থীত্ব দিব মহাজোঁটে। নিয়াই অখিল গগৈৰ ওপৰত অনাহকত এখনৰ পিছত আনখন অভিযোগনামা দাখিল কৰা কাৰ্য্যক সমালোচনা কৰে ৰিপুণ বৰাই।
Published by: Kokil Sarma
First published: June 30, 2021, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি