প্ৰধানমন্ত্ৰী মোদীলৈ APPCৰ সভাপতি ৰিপুণ বৰাৰ ছয়টা প্ৰশ্ন

APPCৰ সভাপতি ৰিপুণ বৰাই গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰি ক'লে- “চিলাপথাৰৰ ৰাজহুৱা সভাত ভাষণ দিয়াৰ পূৰ্বে ছটা প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ কৰিছো৷
APPCৰ সভাপতি ৰিপুণ বৰাই গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰি ক'লে- “চিলাপথাৰৰ ৰাজহুৱা সভাত ভাষণ দিয়াৰ পূৰ্বে ছটা প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ কৰিছো৷
- News18 Assam
- Last Updated: February 22, 2021, 12:56 PM IST
APPCৰ সভাপতি ৰিপুণ বৰাৰ ছয়টা প্ৰশ্ন-
১) অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে অসমবাসীক উত্তৰ দিয়ক- CAAক কিয় জনমতক আওকাণ কৰি আনিলে? অসমবাসীক কিয় অসন্মান কৰিলে?
৩) ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰতিৰ কি হ'ল? কেতিয়া জনজাতিকৰণ হ'ব? ৰাজহুৱা কৰক ৷
৪) চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকা কংগ্ৰেছ চৰকাৰ আহিলে দিব বুলি কৈছে আমাৰ নেতা ৰাহুল গান্ধীয়ে৷ ইয়াৰ পিছতে সোণোৱাল চৰকাৰে ৫০ টকা বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰে৷ আমাৰ চৰকাৰ আহিলেই ৩৬৫ টকা দিম৷ BJP চৰকাৰে চাহ শ্ৰমিককলৈ ৰাজনীতি কৰিছে৷
৫) অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে৷ পেট্ৰ’ল-ডিজেল, গেছ আৰু জীৱনদায়িনী ঔষধৰ দাম সাংঘাতিকভাৱে বৃদ্ধি পাইছে৷ এই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাবনে? কিয় আকাশলংঘী হৈছে দামৰ? যুক্তি দিয়ক৷