মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দিল্লীত ৰিপুণ বৰাৰ সংবাদ মেল, কিষাণ সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ চিবিআই তদন্ত দাবী

দিল্লীত ৰিপুণ বৰাৰ সংবাদ মেল, কিষাণ সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ চিবিআই তদন্ত দাবী

News18 Assam | News18-Assam
Updated:July 22, 2021, 10:06 PM IST
দিল্লীত ৰিপুণ বৰাৰ সংবাদ মেল, কিষাণ সন্মান নিধি আঁচনিৰ দুৰ্নীতিৰ চিবিআই তদন্ত দাবী
কৃষকৰ নামত ধন লাভ কৰা অসমৰ ৮.৩৫ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪.০১ কোটি টকা ঘূৰাই অনাৰ দাবী

কৃষকৰ নামত ধন লাভ কৰা অসমৰ ৮.৩৫ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪.০১ কোটি টকা ঘূৰাই অনাৰ দাবী

  • Share this:

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ ধন বিতৰণৰ ক্ষেত্ৰত অসমত সংঘটিত হোৱা দুৰ্নীতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি আজি প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই সংবাদমেল যোগে দাবী উত্থাপন কৰে।


আজি নতুন দিল্লীত প্ৰদেশ কংগ্রেছৰ সভাপতি বৰাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ তালিকাত ১১.৭২ লাখ ভুৱা কৃষকৰ নাম আৰু ৫ লাখ তথ্যবিহীন ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা ঘটনাৰ ওপৰত চিবিআই তদন্ত বিচৰাৰ লগতে এই দুৰ্নীতিত জড়িত ব্যক্তিসকলক উচিত শাস্তি বিহিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। লগতে ভুৱা কৃষকৰ নামত বিতৰণ হোৱা উক্ত আঁচনিৰ ধন ঘূৰাই আনি প্ৰকৃত কৃষকৰ মাজত বিতৰণ কৰিব লাগে বুলিও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় সভাপতি বৰাই।


উল্লেখ্য, ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন কৃষকৰ নামত ৬০০০ টকাকৈ আবন্টন হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইক্ষেত্ৰত সংঘটিত হয় কেলেংকাৰী।



এই প্ৰসংগত বৰাই কয়–  '২০২১ চনৰ ৫ জুলাইত গুৱাহাটীত অনুষ্ঠিত পুনৰীক্ষণ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত অসমৰ কৃষি মন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৬০ লাখ কৃষকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি, ৩৬ লাখ কৃষক হিতাধিকাৰীৰ ভিতৰত ১৯.৪৭ লাখ হিতাধিকাৰী সঁচা অৰ্থত কৃষক আছিল আৰু ১৭.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আছিল। ইয়াৰে ভিতৰত ৫ লাখ হিতাধিকাৰীক চৰকাৰে চিনাক্ত কৰিব পৰা নাই।


 যেতিয়া ইয়াৰ সত্যতা ৰাইজৰ মাজলৈ আহিছিল চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে ১১.৭২ লাখ ভুৱা হিতাধিকাৰীৰ পৰা ধন ঘূৰাই আনিব।'


ৰিপুণ বৰাই সংবাদমেলত উল্লেখ কৰে যে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে সদনত জনোৱা মতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকৰ নামত ধন লাভ কৰা অসমৰ ৮.৩৫ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪.০১ কোটি টকা ঘূৰাই আনিব লাগে।

Published by: Gautam Barman
First published: July 22, 2021, 9:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি