নিজৰ ভাষণত বৰাই কয় – “আমি আমাৰ দুটা কাগজ কল বন্ধ কৰি থৈছোঁ আৰু চীন দেশৰ পৰা কাগজ আমদানি কৰিছোঁ; এই কাম প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোনৰ অন্তৰায় হৈছে।“ বৰাই বেতনৰ পৰা বঞ্চিত হোৱা বিষয়া তথা কৰ্মচাৰীৰ ৭০ জনৰ ধন আৰু চিকিৎসাৰ অভাৱত মৃত্যুৰ হোৱাৰ বিষয়টোও উত্থাপন কৰে। তেওঁ কয় – মৃত্যু হোৱা ৭০জনৰ লোকৰ ভিতৰত তিনিজনে আত্মহত্যা কৰিছে। আৰু কাগজ কল দুটা বন্ধ হৈ থকাৰ ফলত প্ৰায় ২ লক্ষ লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োগ হেৰুৱাইছে।
উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰৰ ২১ তাৰিখে দিল্লীৰ National Company Law Tribunalত কাগজ কালত গোচৰটোৰ শুনানি হ’ব। পাঁচগ্ৰাম আৰু জাগীৰোড কাগজকলৰ বিষয়া তথা কৰ্মচাৰী সকলে এই শুনানিত চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে।