'কাৰ দিনত কিমান বৃদ্ধি হ'ল খাদ্য সামগ্ৰী মূল্য ৷ খাদ্য সামগ্ৰীৰ মূল্যকলৈ হওক অ'পেন ডিবেট ৷ অ'পেন ডিবেটত ভাগ লওক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেতিয়া স্পষ্ট হ'ব সামগ্ৰীৰ মূল্য নিযন্ত্ৰণত ব্যৰ্থ কোন? '- এই মন্তব্য ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ।
শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই তীব্ৰ সমালোচনা কৰে চৰকাৰক। ৰিপুণ বৰাই কয় যে, ' সমালোচনা কৰিব লাগে কাৰণেই সমালোচনা কৰা বিজেপিৰ একাংশই এতিয়াও কংগ্ৰেছৰ দিনত অধিক মূল্যবৃদ্ধি হৈছিল বুলি অভিহিত কৰিব বিচাৰে ৷ সেইসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।'
উল্লেখ্য যে, সমাজত মধ্য বিত্ত, নিম্ন মধ্য বিত্ত শ্ৰেণীৰ লোকৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে হৈছে।সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে প্ৰতিটো পৰিয়াল ৷ শনিবাৰে মূল্যবৃদ্ধিৰপ বিৰুদ্ধে প্ৰতিবাদত বহে কৃষক মুক্তি সংগ্ৰাম সমিতিও। নগাঁৱৰ কৃষ্ণাইখাটত অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনটোয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
কিন্তু প্ৰতিবাদক কেৰেপেই নকৰে ৰাজ্যৰ যোগানমন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰীগৰাকীৰ মতে, চাহিদা আৰু যোগান ভাৰসাম্যৰ হৈছে মূল্যবৃদ্ধি। উৎপাদন বৃদ্ধি হ'লেহে হ্ৰাস পাব মূল্য ৷