ৰাষ্ট্ৰীয় বিষয়ত নিৰন্তৰ আন্দোলনৰ পৰিকল্পনাৰে গঠন কৰা কমিটীত স্থান লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক প্ৰেছ বাৰ্তাযোগে এই তথ্য সদৰি কৰিছে।
কংগ্ৰেছৰ সাংসদ দ্বিগবিজয় সিঙক অধ্যক্ষ হিচাপে লৈ গঠন কৰা এই কমিটীখনত প্ৰিয়ংকা গান্ধীৰ লগতে সাংসদ উত্তম কুমাৰ ৰেড্ডী, মণিষ চাটাৰ্থ, বি কে হৰিপ্ৰসাদ, ৰিপুণ বৰা, উদিত ৰাজ, ড° ৰাগিনী নায়ক আৰু জুবেৰ আলমে স্থান লাভ কৰিছে।