নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মূল টাৰ্গেট হ'ল হিমন্ত বিশ্ব শৰ্মা ৷ চাৰিখন বাজেটত কি কি ঘোষণা কৰিছিল হিমন্তই? বাজেটত কৰা ঘোষণাৰ কি কি কাৰ্যকৰী নহ'ল?
এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কৰি অসম বিজেপিৰ মূল শক্তি তথা NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ ২০১৬ৰ পৰা চলিত বিত্তীয় বৰ্ষলৈ বিধানসভাত দাখিল কৰা চাৰিখন বাজেটৰ কি কি ঘোষণা, ঘোষণা হৈয়ে ৰ'ল, সেই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে চাৰিখন সংবাদমেল পাতিব ৷
ইয়াৰ অংশ হিচাপে শুকুৰবাৰে প্ৰথমখন সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হিমন্তৰ ২০১৬-১৭ বৰ্ষৰ বাজেটৰ অসাৰ ঘোষণাৰ ব্যাখ্যা আগবঢ়ায় ৷ সভাপতি বৰাই ক'লে- “হিমন্তৰ বাজেট ফাঁকিৰ কথাৰে কিতাপ উলিয়াব কংগ্ৰেছে ৷ সেই কিতাপ প্ৰতিঘৰ মানুহৰ হাতত তুলি দিব কংগ্ৰেছে ৷”
হিমন্তৰ বাজেটৰ ঘোষণা কাৰ্যত অসাৰ হোৱা বুলি কৈ ৰিপুণ বৰাই ক'লে- "২০১৬-১৭ বাজেটত বিত্তমন্ত্ৰী হিমন্তই কৈছিল কংগ্ৰেছৰ দিনত সুতা-কম্বলৰ দ্বাৰা ৰাজহুৱা ধন অপচয় কৰা বুলি কৈছিল ৷ এতিয়া বিজেপি চৰকাৰে কি কৰিছে? অৰুণোদয় আঁচনি, চাহ বাগানত চৰকাৰে মোবাইল দিয়া আদিবোৰ কি?”
লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ২০১৬-১৭ বৰ্ষৰ বাজেটক লৈ CAGৰ ৰিপৰ্টত বিজেপি চৰকাৰে ৩০ শতাংশ ধনেই খৰচ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি হিমন্তক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
লগতে বিজেপিৰ সদস্যৰ সংখ্যাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰে ৰিপুণ বৰাই ৷ সদস্য সংখ্যাৰ ক্ষেত্ৰতো বিজেপিয়ে ৰাইজক ফাঁকি দিয়া বুলি কয় ৰিপুণ বৰাই ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|