মুখ্যপৃষ্ঠা »খবৰ »অসম »ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই হত্যা কৰা হৈছিল অধিবক্তা ৰিণিমা বেগমক, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসকসহ ৬ জনক

ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই হত্যা কৰা হৈছিল অধিবক্তা ৰিণিমা বেগমক, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসকসহ ৬ জনক

বৰপেটাৰ অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷ হত্যাৰ ১০ দিনৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিলে বৰপেটা আৰক্ষীয়ে ৷

বৰপেটাৰ অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷ হত্যাৰ ১০ দিনৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিলে বৰপেটা আৰক্ষীয়ে ৷

বৰপেটাৰ অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷ হত্যাৰ ১০ দিনৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিলে বৰপেটা আৰক্ষীয়ে ৷

  • Share this:
বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৰপেটাৰ অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷ হত্যাৰ ১০ দিনৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিলে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে সদৰি কৰিলে ৰিণিমা বেগম হত্যাৰ তদন্তৰ সকলো ৰহস্য ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ মতে, ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই হত্যা কৰা হ'ল ৰিণিমা বেগমক ৷

২০১৯ চনত ৰিণিমা বেগমৰ পৰা ৫ বিঘা মাটি ক্ৰয়  কৰিছিল ডাঃ মকদম আলীয়ে ৷ তাৰবাবে আগধন হিচাপে ১ কোটি ১৩ লাখ টকা আদায় দিয়াৰ পিছত ৰিণিমা বেগমে আন লোকৰ ওচৰত মাটিখিনি বিক্ৰীৰ চেষ্টা চলায় ৷ বাৰম্বাৰ অনুৰোধৰ পিছতো মাটি চমজাই নিদিলে ডাঃ মকদম আলীক ৷

আনকি বিষয়টোক লৈ আদালতৰ কাষ চপা ডাঃ মকদম আলীৰ বিৰুদ্ধে ওলোটাকৈ গোচৰ ৰুজু কৰিছিল ৰিণিমাই ৷ পিছে আদালতে ৰায়দান কৰাৰ পূৰ্বেই ডাঃ মকদম আলীয়ে খুলশালীয়েক মহিবুল হক ওৰফে মনিৰ সৈতে লগলাগি ৰিণিমাক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি অৱশেষত সেয়া কাৰ্যত ৰূপায়ণ কৰা হয় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে,  ডাঃ মকদম আলীৰ খুলশালীয়েক মহিবুল হকৰ জৰিয়তে ১৩ লাখ টকাৰ বিনিময়ত ৰিণিমা হত্যাৰ চুপাৰী লৈছিল ৰকিবুল ইছলামে ৷
উক্ত পৰিকল্পনা অনুসৰিয়েই ২১ মাৰ্চৰ সন্ধিয়া ৰকিবুল, আব্বাছ, ৰফিকুল ইছলাম আৰু মুস্তাফ আলীৰ সহযোগত ৰবিয়াল আলীয়ে চোকা অস্ত্ৰৰে ৰিণিমা বেগমক হত্যা কৰিছিল। ইতিমধ্যে ভেলেঙী নদীত ডুবাৰু নমাই হত্যাত ব্যৱহৃত চোকা অস্ত্ৰখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

ইতিমধ্যে ৰিণিমা বেগম হত্যাৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ মকদম আলী, খুলশালীয়েক মহিবুল হক, ৰবিয়াল আলী, আব্বাছ আলী, ৰকিবুল ইছলাম, মুস্তাব আলীসহ মুঠ  ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে হত্যাকাণ্ডটোৰ আন এজন অভিযুক্ত পাঠশালাৰ ৰফিকুল আলী এতিয়াও পলাতক হৈ আছে ৷

ইপিনে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱা মতে ৰিণিমা হত্যাৰ পিছতে ৰিণিমাৰ জ্যেষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ সম্প্ৰতি ১০ দিনৰ আৰক্ষী জিম্মাত থকা জুম্মা হত্যাকাণ্ডটোৰ সৈতে কোনো ধৰণে জড়িত থকাৰ প্ৰমাণ পোনা নাই আৰক্ষীয়ে ৷ জুম্মাৰ নিৰ্দোষিতাৰ বিষয়ে আৰক্ষীয়ে আদালতক জনাব বুলি সদৰি কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷

শেহতীয়া বাতৰি