পিতৃৰ অনুপস্থিতিত কৃষিকৰ্মত জড়িত মাজুলীৰ এইগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৰিম্পী ভড়ালী।
পিতৃৰ অনুপস্থিতিত কৃষিকৰ্মত জড়িত মাজুলীৰ এইগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৰিম্পী ভড়ালী।
নাৰীয়ে যদি ভাবে তেন্তে কৰিব নোৱাৰে কি? মহাকাশ যাত্ৰাৰ পৰা আৰম্ভ কৰি এভাৰেষ্ট শৃংগ বগোৱালৈকে কোনো ক্ষেত্ৰতে নাৰী পিছ পৰি থকা নাই । আমাৰ সমাজতো নাৰীয়ে বিভিন্ন সময়ত আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে , সেয়া জয়মতী, কনকলতা, মূলাগাভৰুৱে হওঁক বা নবপ্ৰজন্মৰ মেৰী কম, হিমা দাস বা লাভলীনাই হওঁক।
আমি ক'ব লৈছোঁ মাজুলীৰ এগৰাকী যুৱতীৰ কথা যিগৰাকীয়ে অতি কম বয়সতে সমাজত আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে । যি সময়ত অভাৱ-অনাতনৰ বাবে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকল বহি:ৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলিছে তেনে সময়তে মাজুলীৰ চামগুৰি বনিয়া গাঁৱৰ এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত যুৱতীৰ কৰ্ম প্ৰেৰণাৰ উৎস হৈ পৰিছে ।
সকলোৰে দৃষ্টি কাঢ়িছে পুৱাতে কান্ধত নাঙল লৈ গৰুহাল খেদি পথাৰলৈ যোৱা এই গৰাকী ছাত্ৰী হৈছে ৰিম্পী ভড়ালী ওৰফে ফাইলৌ । কৰ্মসূত্ৰে হায়দাৰাবাদত থকা পিতৃ দুলু ভড়ালীৰ ভাৰখন কান্ধ পাতি লোৱা ৰিম্পীয়ে বৰ্তমান মেড়াগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত ।
ৰিম্পীয়ে হাল বাই কৃষি কৰ্ম কৰি যাওতে তেওঁক সমানে সহায় কৰি গৈছে তেওঁৰ নিজৰ মাতৃয়ে । পুৰুষৰ সমানে সমানে কাম কৰি যোৱা ৰিম্পী ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিপৰীতে হৈ পৰিছে নতুনৰ আদৰ্শ । কৰ্মত বিশ্বাসী ৰিম্পী হৈ পৰিছে প্ৰেৰণাৰ এক উৎস ।আধুনিকতাৰ নামত যি সময়ত সমাজত যুৱ উশৃংখল এক ব্যাধি ৰূপে দেখা দিছে তেনে সময়তে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে কৰ্মক আগস্থান দি সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|