বান পীড়িত অসমলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে। বলীউড তাৰকাৰ পৰা ধৰ্মগুৰি দালাই লামলৈকে সকলোৱে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে। দেশত যিকোনো বিপদ হ'লে সহায়ৰ হাত আগবঢ়াবলৈ পিছ পৰি নাথাকে দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা উদ্যোগপতি মুকেশ আম্বানী।
বান বিধ্বস্ত অসমৰ এই বিপদকালতো সহায়ৰ হাত আগবঢ়াইছে আম্বানী পৰিয়ালে। আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ (RIL)ৰ অধ্যক্ষ মুকেশ আম্বানী (Mukesh Ambani) আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানী (Anant Ambani)য়ে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি (CM Relief Fund)লৈ ২৫ কোটি টকা (Rs 25 Crores)ৰ অনুদান আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে টুইটযোগে এইকথা প্ৰকাশ কৰিছে।
My deepest gratitude to Shri Mukesh Ambani & Shri Anant Ambani for standing with the people of Assam at this crucial juncture by donating Rs 25 cr to CM Relief Fund.
We appreciate this kind gesture. This will go a long way in augmenting our flood relief measures.