உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পহু হত্যা কৰি মাংস ভাগ কৰি আছিল চোৰাং চিকাৰীয়ে, তাৰ পিছত...

    পহু হত্যা কৰি মাংস ভাগ কৰি আছিল চোৰাং চিকাৰীয়ে, তাৰ পিছত...

    ৰাজ্যত চলি আছে ল’ক ডাউন। ল’ক ডাউনৰ মাজত সক্ৰিয় হৈছে চোৰাং চিকাৰীৰ দল

    ৰাজ্যত চলি আছে ল’ক ডাউন। ল’ক ডাউনৰ মাজত সক্ৰিয় হৈছে চোৰাং চিকাৰীৰ দল

    ৰাজ্যত চলি আছে ল’ক ডাউন। ল’ক ডাউনৰ মাজত সক্ৰিয় হৈছে চোৰাং চিকাৰীৰ দল

    • Share this:
    ৰাজ্যত চলি আছে ল’ক ডাউন। ল’ক ডাউনৰ মাজত সক্ৰিয় হৈছে চোৰাং চিকাৰীৰ দল। দেওবাৰে চোৰাং চিকাৰীৰ এটা দলে লামডিং সংৰক্ষিত বনাঞ্চলত পহু হত্যা কৰি মাংস ভাগ থকাৰ সময়তে খবৰ পাই বনকৰ্মী অহাৰ। লগে লগে  মাংসৰ লগতে হাতত থকা মাৰণাস্ত্ৰ ঘটনাস্থলীতে এৰি পলায়ন কৰে চোৰাং চিকাৰীৰ দলটোৱে।

    বিট অফিচাৰ অজিত সিঙৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে ঘটনাস্থলীৰ পৰা পাঁচটা হস্তনির্মিত বন্ধুক সহ প্ৰায় ত্ৰিশ কেজি Gজনৰ কটা পহু মাংস উদ্ধাৰ কৰি বন কাৰ্যলয়ত লৈ আনে। অন্যহাতে পলায়ন কৰা চোৰাং চিকাৰীৰ দলটোৰ সন্ধানত বনাঞ্চলত অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো শুংসুত্র।
    First published: