কোটি কোটি টকাৰ চাউল কেলেংকাৰী! অৰ্থনৈতিক অপৰাধ তদন্ত শাখাৰ জালত FCIৰ বিষয়াসহ ৫জন

News18 Assam | News18-Assam
Updated:October 19, 2020, 6:18 PM IST
কোটি কোটি টকাৰ চাউল কেলেংকাৰী! অৰ্থনৈতিক অপৰাধ তদন্ত শাখাৰ জালত FCIৰ বিষয়াসহ ৫জন
গুৱাহাটীৰ অৰ্থনৈতিক অপৰাধ তদন্ত শাখাই  FCI আৰু ৰে’লৱেৰ তিনিগৰাকী ব্যক্তিক সোমবাৰে গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ অৰ্থনৈতিক অপৰাধ তদন্ত শাখাই  FCI আৰু ৰে’লৱেৰ তিনিগৰাকী ব্যক্তিক সোমবাৰে গ্ৰেপ্তাৰ কৰে।

  • Share this:
অসম আৰক্ষীৰ উপ–পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তদন্ত চলি থকাৰ সময়তে এইবাৰ কেইবাকোটি টকাৰ চাউল কেলেংকাৰীৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ হ’ল ভাৰতীয় খাদ্য নিগমৰ তিনিগৰাকী বিষয়া আৰু দুগৰাকী ঠিকাদাৰ। গুৱাহাটীৰ অৰ্থনৈতিক অপৰাধ তদন্ত শাখাই  FCI আৰু ৰে’লৱেৰ তিনিগৰাকী ব্যক্তিক সোমবাৰে গ্ৰেপ্তাৰ কৰে।

পূৰ্বতে এফ চি আই ৰিজ’নেল কাৰ্যালয়ৰ মহা প্ৰৱন্ধক হিচাপে বিয়াগোম দুৰ্নীতি সংঘটিত কৰা বৰ্তমানৰ এন এফ ৰে’লৱেৰ চীফ কমাৰ্চিয়েল মেনেজাৰ লক্ষেশ্বৰ শইকীয়া আৰু ভাৰতীয় খাদ্য নিগমৰ ডিম্বেশ্বৰ হাজৰিকাৰ লগতে তিলক ভট্টাচাৰ্যক সোমবাৰে গ্ৰেপ্তাৰ কৰে।

কেইবাকোটি টকাৰ চাউল কেলেংকাৰী সংঘটিত কৰিছিল এইকেইজন ব্যক্তিয়ে। সোমবাৰে সংবাদ মাধ্যমক এই কথা জনালে অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰৱী মজুমদাৰে। আটাইকেইজন অভিযুক্তক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ উপৰি আন তিনিটা চাউল কেলেংকাৰীৰ গোচৰৰ তদন্তও চলি আছে অৰ্থনৈতিক অপৰাধ তদন্ত শাখাত।
Published by: Sanjay Kumar Das
First published: October 19, 2020, 6:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading