হাজাৰ হাজাৰ বছৰ ধৰি উত্তৰ-পূৱ ভাৰত (north east)ৰ লুছাই পাহাৰত বসবাস কৰি আহিছে ৰিয়াং বা ব্ৰু জনজাতীৰ লোকসকল । নতুন ৰাজ্য গঠনৰ পিছত মিজো লোক সকলে এই ৰিয়াং সকলৰ ওপৰত আৰম্ভ কৰে নিৰ্যাতন । যাৰ ফলত ৰিয়াং সম্প্ৰদায়ৰ প্ৰায় ৪৮ হাজাৰ লোক শৰণাৰ্থী হৈ ত্ৰিপুৰাত আশ্ৰয় ল'বলগীয়া হ'ল আৰু বাকি ৰিয়াংসকলে মিজোৰামৰ পৰা লুছাই পাহাৰৰ অসমত থকা অংশত বসবাস কৰিবলৈ আৰম্ভ কৰে ।
অসমৰ বৰাক উপত্যকাৰ তিনি জিলাত থকা মিজোৰাম সীমান্তৱৰ্তী পাৰ্বত্য এলেকাত থকা ৰিয়াং জনজাতীৰ সংখ্যা বৰ্তমানে প্ৰায় ৪৮ হাজাৰ । দীৰ্ঘ দিনৰ পৰা অসমত বসবাস কৰি এওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দি গৌৰৱান্বীত হয় । ১৯৯৮ চনত হাইলাকান্দি জিলাত থকা ৰিয়াং জনগোষ্ঠীৰ দুখন গাঁও গুটগুটি আৰু ৰাইফেলমাৰাত জুই লগাই সম্পূৰ্ণ ৰূপে জ্বলাই দিয়ে মিজো দুষ্কৃতিকাৰীয়ে । ইয়াৰ ওপৰিও এই ৰিয়াং লোক সকলে অসমৰ ভূমিত জুম খেতি কৰিলে কৰ (tax) দিব লগা হয় মিজোসকলক। এই কৰৰ পৰিমাণ আগতে ৩০০ টকা আছিল আৰু বৰ্তমান ইয়াক বৃদ্ধি কৰি ৫০০ কৰি দিয়া হৈছে । মিজোৰামৰ গাঁৱৰ VCP অৰ্থাৎ গাওঁ প্ৰধানক দিব লগা হয় এই ধন ।
বছৰ বছৰ ধৰি চলা মিজোৰামৰ এই অত্যাচাৰৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে ৰিয়াং জনগোষ্ঠীৰ লোকসকল । আজি হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ পাৰ্বত্য এলেকাৰ পৰা ওলাই আহি ৰিয়াং জনগোষ্ঠীৰ লোক সকলে অসম মিজোৰাম সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ৰিয়াং ভাষাত মিজোৰাম চৰকাৰ, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা, মিজোৰামৰ ছাত্ৰ সন্থা MZP আৰু YMA আদিৰ নামত মুৰ্দাবাদ ধ্বনীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|