প্ৰতিবছৰে অহা বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বাবে কঢ়িয়াই আনে দুখ। বানে কাজিৰঙাৰ বহু বন্যপ্ৰাণীৰ পোৱালিক মাতৃৰ পৰা বিচ্ছিন্ন কৰাৰ লগতে বহু মাতৃক সন্তানৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন কৰে ৷
তেনে এটা ১৫ দিনীয়া গঁড় পোৱালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণী উদ্ধাৰ প্ৰতিপালন তথা পুনৰ সংস্থাপন কেন্দ্ৰ(CWRC)ৰ সহযোগত ৩০ আগষ্টত কঁহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা উদ্ধাৰ কৰে৷ বৰগছ ৰিজ'ৰ্টৰ পাচলিবাৰীৰ পৰা উদ্ধাৰ কৰা মতা পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰত ভৰ্তি কৰায়৷ কেন্দ্ৰটোৰ চিকিৎসক ডাঃ চামচুল আলী, ডাঃ ভাস্কৰজ্যোতি চৌধুৰীৰ নেতৃত্বত কেন্দ্ৰটোৰ পৰিচায়ক লক্ষী,তৰুণ,মাইমনহঁত ব্যস্ত হৈ পৰিছে পোৱালিটোক সুস্থ কৰাত ৷
চিকিৎসকৰ নিৰ্দেশ ক্ৰমে পোৱালিটোৰ মুখত গুজি দিছে নিৰ্ধাৰিত পৰিমাণৰ লেক্ট'জেন গাখীৰ৷ কেতিয়াবা মাতৃৰ পৰা বিচ্ছিন্ন পোৱালিটোৱে অলপ খাইছে কেতিয়াবা অলপো নোখোৱাকৈ মন মাৰি শুই আছে৷ চিকিৎসকৰ মতে, চলিত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা প্ৰথম গঁড় পোৱালিটোৰ অৱস্থা এতিয়াও সংকটজনক ৷
মাত্ৰ ১৫ দিনীয়া গঁড় পোৱালিটো যথেষ্ট দুৰ্বল হৈ আছে ৷ মাতৃৰ পৰা বিচ্ছিন্ন পোৱালিটো চকুৰ ৰোগৰ লগতে আন ৰোগতো আক্ৰান্ত। তথাপি চিকিৎসক আৰু পৰিচাৰকসকলে পোৱালিটো সুস্থ কৰিবৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে৷ বৰ্তমান কেন্দ্ৰটোত পূৰ্বৰ বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা চাৰিটা গঁড় পোৱালিৰ লগতে সাতটা হাতীপোৱালি, এটা ম'হ আৰু পাঁচটা নাহৰফুটুকী বাঘ প্ৰতিপালিত হৈ আছে ৷
আনহাতে চলিত বানত উদ্ধাৰ কৰা দুটা ছাগলী, পহুক ইতিমধ্যে পুনৰ মুকলি কৰিছে কেন্দ্ৰ কৰ্তৃপক্ষই৷ ইতিমধ্যে কুৰি বছৰত ভৰি দিয়া বন্যপ্ৰাণী উদ্ধাৰ প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা গঁড়, হাতী, ম'হকে ধৰি বহু বন্যপ্ৰাণীক পুনৰ সংস্থাপন দিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কেন্দ্ৰটোত উদ্ধাৰ কৰা বন্যপ্ৰাণীসমূহ সম্পূৰ্ণ বন্য পৰিৱেশত প্ৰতিপালন কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|