কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বানৰ কবলত। প্ৰতিদিনাই মৃত্যু মুখত পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱ-জন্তু। দেওবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বানৰ কবলত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি আঘাতপ্ৰাপ্ত হোৱা গঁড়টো এতিয়া সুস্থ হৈ উঠিছে। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এতিয়াও আছে গঁড়টো। ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবিত এতিয়াও অৱস্থান লৈ থকা গঁড়টোক কৰ্তৃপক্ষই ঘাঁহৰ লগতে ঔষধ যোগান ধৰি আছে। লগতে পশু চিকিৎসকৰ পৰামৰ্শ মতে, গঁড়টোৱে আঘাত পোৱা চকুত নিয়মিত ঔষধ দি আছে বন কৰ্মীয়ে।
বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই জনোৱা মতে, যোৱা ১৪ জুলাইতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা গঁড়টো উদ্যানখনৰ সীমাত আছে। যিহেতু, বন্য জীৱই প্ৰকৃতিৰ লগত যুঁজ দিয়েই জীয়াই থাকিব লাগে, সেয়েহে এই গঁড়টোও ব্যতিক্ৰম নহয়। কৰ্তৃপক্ষৰ দ্বাৰা পৰিচৰ্যা আৰু চিকিৎসা সেৱা সঠিক ভাবেই চলাই নিয়া হৈছে। বানপানী কমিলেই দুই-এদিনতে সুস্থ হৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গড়টো উভতি যাব বুলি আশা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 20, 2020, 17:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|