নগাঁৱৰ লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল। দিল্লীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই চলাইছিল অভিযান। ওৰাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এশিঙীয়া গঁড়ক হত্যা কৰা হৈছিল ২০১৮ চনৰ ছেপ্টেম্বৰতে। গঁড়টো হত্যা কৰাৰ পিছত খড়্গ কাটি পুতি থোৱা হৈছিল।
গঁড় হত্যা আৰু খড়্গ বিক্ৰীত বন বিভাগ জড়িত থকাৰ সন্দেহ। বন বিভাগে ওৰাং অভয়াৰণ্যৰ গঁড়টো পুনৰ ঘূৰি যোৱাৰ ভুৱা প্ৰতিবেদন দিছিল। গঁড় হত্যা হোৱাৰ কালছোৱাত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জিতেন্দ্ৰ কুমাৰে। আজিৰ পৰা কেইমাহমান পূৰ্বে নগাঁৱৰ পৰা তেঁওক বদলি কৰা হৈছিল।
Published by: Dulu Medhi
FIRST PUBLISHED : June 24, 2019, 19:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।