মুখ্যপৃষ্ঠা »খবৰ »অসম »গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড চিঞ্জাচাম কভিড ১৯ পজিটিভ, মণিপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল চিকাৰীটো

গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড চিঞ্জাচাম কভিড ১৯ পজিটিভ, মণিপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল চিকাৰীটো

বোকাখাত মহকুমা ন্যায়িক আদালতৰ অনুমতি সাপেক্ষে বোকাখাত আৰক্ষীৰ জিম্মাৎ আছিল চিঞ্জাচাম ৷

বোকাখাত মহকুমা ন্যায়িক আদালতৰ অনুমতি সাপেক্ষে বোকাখাত আৰক্ষীৰ জিম্মাৎ আছিল চিঞ্জাচাম ৷

বোকাখাত মহকুমা ন্যায়িক আদালতৰ অনুমতি সাপেক্ষে বোকাখাত আৰক্ষীৰ জিম্মাৎ আছিল চিঞ্জাচাম ৷

  • Share this:
দুৰ্ধৰ্ষ গঁড় হত্যাকাৰী, মাষ্টাৰ মাইণ্ড চিঞ্জাচাম ভাল্টেৰ শৰীৰত ধৰা পৰিছে কভিড ১৯ পজিটিভ ৷ মণিপুৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকাৰীটো কাজিৰঙাৰ বহু কেইটা গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড আছিল ৷

বোকাখাত মহকুমা ন্যায়িক আদালতৰ অনুমতি সাপেক্ষে বোকাখাত আৰক্ষীৰ জিম্মাৎ আছিল চিঞ্জাচাম ৷

গোলাঘাট জেলত থকা অপৰাধী চিঞ্জাচামক ২ দিন পূৰ্বে বোকাখাত আৰক্ষীয়ে নিজৰ জিম্মাৎ লৈছিল ৷ দেওবাৰে কৰা ৰেপিড এন্টিজেন টেষ্টত কভিড পজিটিভ পোৱাৰ পাছতেই ভাল্টেক গোলাঘাট জেলৰ বিশেষ ক’ভিড কক্ষলৈ প্ৰেৰণ কৰা হয় ৷ বোকাখাত আৰক্ষী থানা চেনিটাইজ কৰাৰ লগতে সকলো আৰক্ষীৰে স্বাৱ লৈছে স্বাস্থ্য বিভাগে ৷৷

শেহতীয়া বাতৰি