মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশ্বনাথত কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ, গহপুৰৰ লখৰা চাপৰিত কৰিছিল গঁড় হত্যা

বিশ্বনাথত কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ, গহপুৰৰ লখৰা চাপৰিত কৰিছিল গঁড় হত্যা

News18 Assam | News18-Assam
Updated:November 1, 2020, 10:19 AM IST
বিশ্বনাথত কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ, গহপুৰৰ লখৰা চাপৰিত কৰিছিল গঁড় হত্যা
বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ মূল হত্যাকাৰী তথা মূল নায়ক আছিল এই কিশোৰ কামাং।

বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ মূল হত্যাকাৰী তথা মূল নায়ক আছিল এই কিশোৰ কামাং।

  • Share this:
বিশ্বনাথত আটক গঁড় চিকাৰী। গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ অপৰাধ অনুসন্ধান শাখাৰ এটা অভিযানকাৰী দলে অভিযান চলাই গহপুৰৰ বাতমাৰীৰ পৰা আটক কৰে কুখ্যাত গঁড় চিকাৰী কিশোৰ কামাং(৩৫)ক। গঁড় চিকাৰীটোৰ ঘৰ গহপুৰৰ বৰতামুলী গাঁৱত।

উল্লেখ্য যে বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ মূল হত্যাকাৰী তথা মূল নায়ক আছিল এই কিশোৰ কামাং। তেতিয়াৰ পৰাই এই  গঁড় চিকাৰীটো পলাতক অৱস্থাত আছিল। ইতিমধ্যে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযানকাৰী দলটোৱে ধৃত চিকাৰীটোক সোধা-পোছা আব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: November 1, 2020, 10:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি