ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দেখা গ’ল এক হৃদয়বিদাৰক দৃশ্য। জলাশয়ত ছটফটাই ঘূৰি ফুৰা দেখা গ’ল এটা খড়্গহীন গঁড়ক। ৯ মে’ত উদ্যানখনৰ বনকৰ্মীয়ে এটা জলাশয়ত এটা গঁড়ৰ জাক প্ৰত্যক্ষ কৰিছিল। ভালকৈ লক্ষ্য কৰাত তাৰ মাজৰ এটা গঁড়ৰ খড়্গৰ স্থানৰ পৰা ৰক্তক্ষৰণ হৈ থকা দেখা পাইছিল।
"প্ৰথমতে আমি ভাবিছিলো যে অন্তৰ্দ্বন্দ্বৰ বাবে গঁড়টোৱে খড়্গ হেৰুৱাইছে। এনেকুৱা কেতিয়াবা হয়। আমি প্ৰধান মুখ্য বন সংৰক্ষকক অৱগত কৰিছিলো। তাৰ পিছত গুৱাহাটীৰ দল এটা গঁড়টোৰ ওচৰলৈ গ'ল। গড়টোৰ দেহৰ আন স্থানত আঘাতৰ চিহ্ন নাছিল কিন্তু খড়্গটো কাটি নিয়া হৈছিল। এইটো চোৰাং চিকাৰৰ এটা স্পষ্ট ঘটনা য'ত চোৰাং চিকাৰীয়ে খড়্গটো কাটি নিয়াৰ পূৰ্বে গঁড়টো ট্ৰেংকুলাইজ কৰিছিল। ওৰাঙৰ এই ঘটনাটো ২০১৭ চনৰ পিছত প্ৰথম ঘটনা", বন বিষয়া প্ৰদীপ্তা বৰুৱাই জনায় এইদৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গঁড়টো চোৱাচিতা কৰা চিকিৎসকজনে জনায় যে গঁড়টো সুস্থ অৱস্থাত আছে আৰু আঘাতপ্ৰাপ্ত স্থানত কোনো পোকে ধৰা নাই। ২৪ ঘণ্টাই গঁড়টোৰ ওপৰত নজৰ ৰখা হৈছে।
উল্লেখযোগ্য যে ২০১৮ চনৰ গঁড় গণনাত উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ১০১টা। এতিয়া এই সংখ্যা বৃদ্ধি হৈ ১২৫টা হৈছে। ইয়াৰ ভিতৰত ৪৩টা মতা গঁড়, ৪৯জনী মাইকী গঁড় আৰু ২৩টা পোৱালি। ১০টা গঁড়ৰ লিংগ নিৰ্ণয় কৰিব পৰা হোৱা নাই।