‘বিভাগীয় অমনোযোগিতাৰ বাবেই নিধন হ’ল গঁড়’- গঁড় হত্যাকলৈ কাজিৰঙা কৰ্তৃপক্ষৰ বিস্ফোৰক স্বীকাৰোক্তি
News18-Assam Updated:August 9, 2020, 3:58 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনত পুনৰ নামি পৰিছে চোৰাং চিকাৰী ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনত পুনৰ নামি পৰিছে চোৰাং চিকাৰী ৷
- News18 Assam
- Last Updated: August 9, 2020, 3:58 PM IST
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত শুকুৰবাৰে সংঘটিত গঁড় হত্যাৰ ঘটনাৰ পিছত চাৰিজন লোকক আটক কৰি অনুসন্ধান চলাই আছে আৰক্ষী আৰু বনবিভাগে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা তথ্য মতে, গঁড় নিধনত জড়িত আছে বিশ্বনাথৰ এটা চোৰাং চিকাৰীৰ এটা দল ৷ অতিমধ্যে চিনাক্ত কৰা হৈছে দলটোক ৷
তাৰে এটা চোৰাং চিকাৰীয়ে তিনিমাহ কাৰগাৰত থকাৰ পাছত জামিন লাভ কৰি ৰাজ্য এৰি কেৰালাত আছিলগৈ। কিন্তু কোৰোণাৰ সংক্ৰমণৰ বাবে নিজ ৰাজ্যলৈ উভতি আহি পুনৰ দল গঠন কৰি চোৰাং চিকাৰীটো নামি পৰিছে গঁড় নিধনত ৷ সঞ্চালক গৰাকীৰ তথ্য মতে, ৰাষ্ট্ৰীয় উদ্যান খনত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰিবলৈ যোৱাৰ খবৰ পাইছিল উদ্যান কৰ্তৃপক্ষই ৷ সেই মতে সকলোকে সতৰ্ক কৰি দিয়া হৈছিল ৷ এই ক্ষেত্ৰত সন্দেহ কৰা মতে, ২৩০ টা বন শিবিৰৰ ভিতৰত কাৰোবাৰ অমনোযোগিতাৰ বাবেই চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খৰ্গ কাটি আঁতৰি যাবলৈ সক্ষম হয়।