মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যত পুনৰ গঁড় নিধন! বিশ্বনাথ আৰু মাজুলী আৰক্ষীৰ ভুলৰ বাবেই নদীপথ ব্যৱহাৰ কৰিলে চোৰাং চিকাৰীয়ে

ৰাজ্যত পুনৰ গঁড় নিধন! বিশ্বনাথ আৰু মাজুলী আৰক্ষীৰ ভুলৰ বাবেই নদীপথ ব্যৱহাৰ কৰিলে চোৰাং চিকাৰীয়ে

অসম-অৰুণাচল সীমান্তৰে গঁড়ৰ খড়্গ সৰবৰাহৰ আশংকা

অসম-অৰুণাচল সীমান্তৰে গঁড়ৰ খড়্গ সৰবৰাহৰ আশংকা

অসম-অৰুণাচল সীমান্তৰে গঁড়ৰ খড়্গ সৰবৰাহৰ আশংকা

  • Share this:
কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ কাঠপাৰা বনশিবিৰৰ সমীপৰ এখন বিলত খড়্গহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই বিশ্বনাথ আৰু মাজুলী আৰক্ষীৰ ব্যৰ্থতাৰ কথা পুনৰ প্ৰমাণ হৈছে। ব্ৰহ্মপুত্ৰ নৈৰ কাষৰ এখন বিলত খড়্গহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চোৰাং চিকাৰী বিশ্বনাথৰ দিশৰ পৰা অহাৰ কথা আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে গঁড়ৰ মৃতদেহৰ সমীপত থ্ৰী নট থ্ৰী ৰাইফলৰ গুলীও উদ্ধাৰ কৰাৰ খবৰ পোৱা গৈছে। সন্দেহ প্ৰকাশ কৰা হৈছে চোৰাং চিকাৰীয়ে চাইলেনছাৰযুক্ত বন্দুক ব্যৱহাৰ কৰি গঁড় হত্যা কৰি খড়্গ কাটি পুনৰ নাৱৰ সহায়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গৈছিল।

বিশ্বনাথৰ দিশৰ পৰা অহা চোৰাং চিকাৰীৰ দলটোৱে আজিৰ পৰা ১০দিন পূৰ্বেই এই ঘটনা সংঘটিত কৰিছিল। কাজিৰঙা অভয়াৰণ্যৰ সমীপৱৰ্তী এলেকাসমূহত বিশ্বনাথ আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা ভালদৰে নকৰাৰ ফলতেই চোৰাং চিকাৰীয়ে এই কুকাৰ্য কৰাত সফল হ'ল।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতেই  কাজিৰঙাৰ সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ উদ্দেশ্যে বিশ্বনাথ জিলা, নগাঁও জিলা, গোলাঘাট জিলা আৰু শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকসমূহক লৈ বৈঠকত মিলিত হোৱাৰ লগতে এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ দিশটোত সতৰ্ক হ'বলৈ কঠোৰ নিৰ্দেশ দিছিল।

নগাঁও আৰক্ষীয়ে বিগত ৪ বছৰে শূন্য গঁড় হত্যাৰ ধাৰা অব্যাহতোও ৰাখিছিল। পিছে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাসমূহত আৰক্ষীয়ে নিৰাপত্তাৰ দিশটোত গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই  এনে ঘটনা সংঘটিত হ'বলৈ পালে। একাংশ লোকৰ মতে ২০-২৫দিন পূৰ্বে পূৰ্ণিমাৰ সময়তেই এনে ঘটনা সংঘটিত হোৱাৰ আশংকা আছে।

নদীত পহৰাৰ ক্ষেত্ৰত মাজুলী আৰক্ষীৰ ভূমিকাও সন্তোষজনক নহয়। সেয়ে অৰুণাচলৰ চোৰাং চিকাৰীয়ে পুনৰ ৰাষ্ট্ৰীয় উদ্যানত এনে ঘটনা সংঘটিত কৰাৰ সুযোগ পাইছে। মুঠতে কাজিৰঙাৰ শেহতীয়া গঁড় হত্যাৰ ক্ষেত্ৰত নগাঁও আৰক্ষীৰ সমানেই  জগৰীয়া বিশ্বনাথ আৰক্ষী।

শেহতীয়া বাতৰি