মুখ্যপৃষ্ঠা »খবৰ »অসম »Police Encounter in Biswanath : বিশ্বনাথৰ সাধাৰুত এনকাউণ্টাৰ, আহত হল গঁড় চিকাৰী আতাউৰ ৰহমান

Police Encounter in Biswanath : বিশ্বনাথৰ সাধাৰুত এনকাউণ্টাৰ, আহত হল গঁড় চিকাৰী আতাউৰ ৰহমান

ভৰিত গুলী লগা আতাউৰক ভৰ্তি কৰোৱা হৈছে তেজপুৰ মেডিকেল কলেজত।

ভৰিত গুলী লগা আতাউৰক ভৰ্তি কৰোৱা হৈছে তেজপুৰ মেডিকেল কলেজত।

  • Share this:

বিশ্বনাথৰ সাধাৰুত নিশা সংঘটিত হ'ল এনকাউণ্টাৰ। এই ঘটনাত আহত হয় গঁড় চিকাৰী আতাউৰ ৰহমান। বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটাউৰক ৷ বঙাইগাঁওৰ পৰা বিশ্বনাথলৈ আনি থকাৰ সময়তে সাধাৰুত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ঘটনাটো ৷


আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত আতাউৰ ৰহমানে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীচালনা কৰা হয় আৰু অপৰাধীৰ ভৰিত গুলী লাগে। বাদশ্বাহৰ ঘৰ চতিয়াৰ ১নং আদাভেটীত৷ ভৰিত গুলী লগা আতাউৰক ভৰ্তি কৰোৱা হৈছে তেজপুৰ মেডিকেল কলেজত।

শেহতীয়া বাতৰি