বন বিভাগৰ হাতত ২৫৭৮টা প্ৰকৃত গঁড়ৰ খৰ্গ জমা থকাৰ লগতে জমা আছে ১৫টা নকল খৰ্গ
বন বিভাগৰ হাতত ২৫৭৮টা প্ৰকৃত গঁড়ৰ খৰ্গ জমা থকাৰ লগতে জমা আছে ১৫টা নকল খৰ্গ
নগাঁও কোষাগাৰৰ লগতে জিলা বন সংমণ্ডলৰ কাৰ্যালয়ত জমা থকা বিশ্বখ্যাত এশিঙীয়া গড়ৰ খৰ্গৰ মঙলবাৰৰ পৰা আৰম্ভ হোৱা পুন:নিৰীক্ষণ প্ৰক্ৰিয়া বুধবাৰে বিয়লি ৫ বজাত সামৰণি পৰে। নগাঁও আৱৰ্ত ভৱন সভাকক্ষত বন বিভাগৰ উচ্চপদস্থ বিষয়া,জিলা প্ৰশাসনৰ বিষয়া, ফৰেনচিক পৰীক্ষাগাৰ বিশেষজ্ঞ, পশু চিকিৎসক,অধিবক্তা, প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্যক,গড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ সমিতিৰ কাৰিকৰী আৰু মাণ্ডলিক সমিতিৰ বিষয়ববীয়া তথা সদস্য সকল,সংবাদ মাধ্যমৰ প্ৰতিনিধি, আৰক্ষী বিভাগকে ধৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ লোকৰ উপস্থিতিত কঠোৰ নিৰাপত্তাৰ মাজত গঁড়ৰ খৰ্গ সমূহ পুনঃ নিৰীক্ষণ কৰাৰ লগতে ডি এন এ সংগ্ৰহকে ধৰি যাৱতীয় পৰীক্ষণ সম্পন্ন কৰা হয়।
উল্লেখ্য যে, নগাঁও কোষাগাৰৰ লগতে বন সংমণ্ডল কাৰ্যালয়ত জমা থকা মুঠ ৫৬০ টা গঁড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ দুয়োটা দিনত সম্পন্ন কৰা হয়। পুনৰ নিৰীক্ষণ কৰা গঁড়ৰ খৰ্গ সমূহৰ ভিতৰত ডিফুৰ পৰা অনা এটা খৰ্গও আছে। বিগত প্ৰায় পাঁচ দশকৰো অধিক কাল ধৰি নগাঁও কোষাগাৰত জমা ৰখা এই খৰ্গ সমূহৰ ভিতৰত বিশ্বৰ সবাতোটকৈ ওজন থকা এটি গঁড়ৰ খৰ্গও আছে।
১৯৮২ চনৰ পৰা নগাঁও কোষাগাৰত জমা থকা এই গঁড়ৰ খৰ্গটোৰ ওজন হৈছে ৩.০৫১ কিলোগ্ৰাম। বনবিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সৰ্বমুঠ গঁড়ৰ খৰ্গৰ ভিতৰৰে ডেৰ কিলোগ্ৰামতকৈ অধিক ওজনৰ ৫ শতাংশ গঁড়ৰ খৰ্গ ভবিষ্যতৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব।
বাকী খৰ্গসমূহ অহা ২২ ছেপ্টেম্বৰত বিশ্ব গড় দিৱসৰ দিনা বিভাগীয়ভাৱে কাজিৰঙাত সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, নগাঁৱকে ধৰি মৰিগাঁও মানস,মঙলদৈ, গুৱাহাটী আৰু তেজপুৰ মণ্ডল সামৰি বৰ্তমানলৈকে মুঠ ৯১৯ টা গড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ সম্পন্ন হয়।
আনহাতে অহা ৬ ছেপ্টেম্বৰৰ পৰা গোলাঘাট কোষাগাৰত জমা থকা ১৬ শতাধিক গঁড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন জিলাৰ কোষাগাৰ আৰু বন বিভাগৰ কাৰ্যালয়ত বৰ্তমানলৈকে ২,৫৭৮ টা গঁড়ৰ খৰ্গ জমা থকাৰ লগতে ১৫টা নকল গঁড়ৰ খৰ্গও জমা থকা বুলি বন বিভাগৰ সুত্ৰৰ পৰা জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|