কাজিৰঙাৰ কঁহৰাত দুদিনীয়াকৈ হোৱা গঁড়ৰ খৰ্গৰ পুনৰ নিৰীক্ষণ কাৰ্যসূচী সমাপ্ত। সোমবাৰ আৰু মঙলবাৰৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল অধীনত থকা ৪৮০টা গঁড়ৰ খৰ্গৰ পুনৰ নিৰীক্ষণ কৰে বন বিভাগ আৰু বিশেষজ্ঞ সমিতিয়ে।
বিভিন্ন কাৰণত উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গসমূহ পুনৰ নিৰীক্ষণত গঁড়ৰ খৰ্গৰ DNA টেষ্ট কৰা হয় বুলি প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে। মুঠ নিৰীক্ষণৰ পিছত ৪৬৯টা খৰ্গ দাহ কৰাৰ ব্যৱস্থা কৰা হ'ব।
ইপিনে ডেৰ কেজি ওজনৰ দুটাকৈ খৰ্গ সংৰক্ষণৰ বাবে ৰখা হ'ব। ইয়াৰে এটা খৰ্গ ২০১৭ চনত কঁহৰা ৰেঞ্জত গঁড়ৰ স্বভাৱিক মৃত্যুৰ ফলত পোৱা গৈছিল। আনহাতে ১১টা খৰ্গ আদালতত গোচৰ চলি থকা বাবে পুনৰীক্ষণ কৰা নহয়।সমগ্র অসমত থকা ২৫০০ গঁড়ৰ খৰ্গৰ সাতটা Zone ত বিভক্ত কৰি পুনৰ নিৰীক্ষণ চলোৱা হৈছে।
ইতিমধ্যে ৬টা zone পুনৰ নিৰীক্ষণৰ কাম সম্পূৰ্ণ হৈছে। মঙলবাৰে বোকাখাত zoneৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল অধীনত থকা ৪৮০টা গঁড়ৰ খৰ্গ পুনৰ নিৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত গোলাঘাট কোষাগাৰত থকা ১১৯০টা গঁড়ৰ খৰ্গ পুনৰ নিৰীক্ষণ কৰা হ'ব বুলি জনায় সঞ্চালকগৰাকীয়ে।
স্মৰ্তব্য যে ২০১৬ চনৰ পাছত উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গসমূহৰহে পুনৰ নিৰীক্ষণ চলোৱা হৈছে। অসমত বিভিন্ন স্থানত থকা ২৫০০ গঁড়ৰ খৰ্গৰ একাংশ গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে আন আন একাংশ গঁড়ৰ খৰ্গ অহা ২২ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱসৰ দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দাহ কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|