বানৰ কবলত পৰা পবিতৰাত গঁড়ৰ মৃত্যু, অভয়াৰণ্যখনৰ ৯০ শতাংশ এলেকা প্লাৱিত বানত

News18 Assam | News18-Assam
Updated:June 29, 2020, 7:57 PM IST
বানৰ কবলত পৰা পবিতৰাত গঁড়ৰ মৃত্যু, অভয়াৰণ্যখনৰ ৯০ শতাংশ এলেকা প্লাৱিত বানত
বানৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চোকা পহৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে৷

বানৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চোকা পহৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে৷

  • Share this:
আজিও অপৰিৱৰ্তিত হৈ আছে পবিতৰা অভয়াৰণ্যৰ বান পৰিস্থিতি৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে পবিতৰা অভয়াৰণ্য। বানত বুৰ গৈছে অভয়াৰণ্যখনৰ প্ৰায় ৯০ শতাংশ এলেকা৷ পাগলাডুবা, নলতলী, হাঁ‌হচৰা, কুক্কাৰি, ধলী, বকুলজান আদি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। বানৰ ভয়াৱহতাৰ বাবে অভয়াৰণ্যখনৰ নলতলী বন শিবিৰ স্থানান্তৰ কৰা হৈছে৷

গঁড়ৰ লগতে অন্যান্য জীৱ–জন্তুসমূহে ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। বানৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চোকা পহৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে৷ বন্য জন্তুসমূহৰ সুৰক্ষাৰ বাবে যন্ত্ৰচালিত আৰু হাত নাৱেৰে ২৪ ঘণ্টাই কৰ্তব্য পালন কৰি আছে বনকৰ্মীয়ে।

অভয়াৰণ্যখনৰ প্ৰায় ৯০ বানৰ কবলত পৰাত খাদ্য সংকটে দেখা দিছে গঁড়কে ধৰি আন আন বন্যজন্তুৰ৷ ইফালে বানৰ ভয়াৱহতাৰ মাজতে সোমবাৰে পবিতৰা অভয়াৰণ্যত উদ্ধাৰ হয় এজনী গঁড়ৰ মৃতদেহ। পবিতৰা অভয়াৰণ্যৰ টুপলুং বন শিবিৰ এলেকাত উদ্ধাৰ হয় মৃত গঁড়জনী। বানত ডুবি গঁড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই৷ বন বিভাগে মৃত গঁড়জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ বানত পবিতৰা অভয়াৰণ্যত মৃত্যু হয় প্ৰথমটো গঁড়ৰ৷
First published: June 29, 2020, 7:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading