உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ খৰ্গ বিহীন মাইকী গঁড়ৰ মৃতদেহ, ১০-১৫ দিন পূৰ্বেই চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ খৰ্গ বিহীন মাইকী গঁড়ৰ মৃতদেহ, ১০-১৫ দিন পূৰ্বেই চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ

    বুধবাৰে নিশা ৮. ৪৫ মান বজাত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা এক কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ।

    বুধবাৰে নিশা ৮. ৪৫ মান বজাত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা এক কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ।

    বুধবাৰে নিশা ৮. ৪৫ মান বজাত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা এক কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ।

    • Share this:
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন। চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত প্ৰথমটো গঁড় নিধনৰ ঘটনাই উদঙালে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ।ঘটনা অনুসৰি বুধবাৰে নিশা ৮. ৪৫ মান বজাত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা এক কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ।

    উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি প্ৰায় ১০-১৫ দিন পূৰ্বেই মাইকী গঁড় জনী হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গটো লৈ উধাও হয়। কিন্তু বুধবাৰে নিশাহে শিলেখুন্দা বন শিবিৰৰ বনকৰ্মীয়ে মৃত গঁড়টো  উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই।

    ইপিনে বৃহস্পতিবাৰে পুৱা উদ্যানখনৰ সঞ্চালক, DFO, বন বিভাগৰ এটা বৃহৎ দল,গোলাঘাট জিলা আৰক্ষী অধীক্ষক, বোকাখাত মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়। উল্লেখ্যে যে, ২০২১ বৰ্ষত উদ্যানখনত মাত্ৰ এটা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যাক লৈ ঢাক ঢোল বজাইছিল উদ্যান কৰ্তৃপক্ষই। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়েও।

    উল্লেখ্য যে, যোৱা ২৮ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ কাৰ্তিকা বন শিবিৰৰ বনকৰ্মীয়ে চোৰাং চিকাৰী প্ৰৱেশৰ তথ্য লাভ কৰিছিল। পৰৱৰ্তী সময়ত চোৰাং চিকাৰীৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছিল। সেই তথ্যৰ পম খেদিয়েই যোৱা ৩১ ডিচেম্বৰত ব্রহ্মপুত্রৰ পাৰত চাৰিখন জাল উদ্ধাৰ কৰিছিল বন বিভাগে।

    মন কৰিবলগীয়া যে, বিশ্বনাথ সংমণ্ডলৰ অধীনৰ এলেকাত যোৱা ৮ জানুৱাৰীত এটা মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোৰ লগত ১৯ জাই সজীৱ গুলী, ৫ টা মোবাইল আৰু বহু আপত্তিজনক সামগ্ৰী বন বিভাগে উদ্ধাৰ কৰিছিল। শিলেখুন্দাত গঁড় হত্যাৰ ঘটনাৰ সৈতে উক্ত চোৰাং চিকাৰীৰ দলটো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।

    আনহাতে বনবিভাগৰ সোপাধিলা নীতিৰ বিৰুদ্ধে সৰৱ হৈছে কাজিৰঙাৰ দল সংগঠন। AJYCPৰ মতে গঁড় হত্যাৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগে কিয়নো পূৰ্বে গঁড় হত্যা বা গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ সৈতে স্বয়ং বন বিভাগৰ লোক জড়িত হৈ আছিল। লগতে উদ্যানত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া গৰাকীৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছে AJYCP বোকাখাত জিলা সমিতি।
    Published by:Himangshu Bhuyan
    First published: