বন বিভাগৰ ব্যৰ্থতাত অৱশেষত মৃত্যুক আঁকোৱালি ল’লে গোলাঘাটত বিগত ৫ দিনে জনাঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা গঁড়টোৱে। কাজিৰঙাৰ পৰা ওলাই অহা গঁড়টো গোলাঘাটৰ পদুমণিকে ধৰি বিভিন্ন অঞ্চলত বিচৰণ কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল। অঞ্চলবাসী, বন বিভাগৰ লোকৰ খেদা খেদি, হুলস্থূলীয়া পৰিৱেশৰ বাবে অঞ্চলটোত ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হৈছিল গঁড়টো।
বন বিভাগৰ ব্যৰ্থতাৰ বাবে এনেদৰে গঁড়টোৱে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভোকাতুৰ অৱস্থা আৰু ভৰিত পোৱা আঘাতৰ বাবে মৃত্যুক আঁকোৱালি ল’লে গঁড়টোৱে। ভৰিৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছিল গঁড়টোৰ। বন বিভাগেও গঁড়টোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও অসুস্থ হৈ মৃত্যু হয় গঁড়টোৰ।
গঁড়টোৰ মুক্ত বিচৰণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ কেইবাটাও অঞ্চলত জাৰি কৰিছিল ১৪৪ ধাৰা। কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি গঁড়টোক খেদিবলৈ ভিৰ কৰিছিল ৰাইজ। তাৰ মাজতে একাংশই আক্ৰমণ কৰিছিল গঁড়টোক। যাৰ ফলত আঘাতপ্ৰাপ্ত অৱস্থাত মৃত্যু হয় গঁড়টোৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 07, 2023, 15:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|