• Home
  • »
  • News
  • »
  • assam
  • »
  • নাজিৰাৰ পথাৰত অগণন লোকৰ ভিৰ, কিয় এইদৰে ভিৰ কৰিলে ৰাইজে?

নাজিৰাৰ পথাৰত অগণন লোকৰ ভিৰ, কিয় এইদৰে ভিৰ কৰিলে ৰাইজে?

যোৱা কিছুদিন ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত গঁড় দুটাই বিচৰণ কৰি আছিল। ইয়াৰ পিছতেই আজি নাজিৰাৰ মেকিপুৰৰ নিমতিতাত গঁড় দুটা প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷

  • Share this:
আজি পুৱাই নাজিৰাৰ মেকিপুৰ নিমতিতা অঞ্চলত দুটা গঁড়ে মুক্ত বিচৰণ কৰে৷ খাদ্যৰ সন্ধানতে বনাঞ্চলৰ পৰা জলাঞ্চললৈ গঁড় দুটা ওলাই অহাৰ সন্দেহ কৰিছে বন বিভাগে।  দুটাকৈ গঁড়ৰ মুক্ত বিচৰণৰ খবৰ পাই বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হোৱাৰ লগতে গঁড় চাবলৈ নাজিৰাৰ মেকিপুৰৰ নিমতিতাত অঞ্চলত জনতাই ভিৰ কৰেহি।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত গঁড় দুটাই বিচৰণ কৰি আছিল। ইয়াৰ পিছতেই আজি নাজিৰাৰ মেকিপুৰৰ নিমতিতাত গঁড় দুটা প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ বন বিভাগৰ লোকে জনোৱা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই দুটা গঁড় কিছুদিন পূৰ্বে ওলাই আহি বিভিন্ন স্থানত বিচৰণ কৰি আছে৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গঁড় দুটাক ট্ৰেংকুলাইজ কৰা সিদ্ধান্ত লৈছে । আনহাতে, গঁড় চাবলৈ পুৱাৰে পৰা সমবেত হোৱা ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিছে৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি