বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত সম্পূৰ্ণ নহ'ল গঁড় গণনাৰ কাম ৷ নেৰানেপেৰা বৰষুণৰ বাবে দুদিনতে উদ্যান কৰ্তৃপক্ষই সমাপ্ত কৰিলে গঁড় গণনাৰ কাম ৷ যোৱা ১ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত চলিছিল গঁড়ৰ জৰীপ (Rhino census) ৷ দুদিনত গঁড় ওলাল মাত্ৰ ৪০ টা ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে জানিবলৈ দিয়া মতে, বৰষুণৰ বাবে সম্পূৰ্ণ কৰিব নোৱাৰিলে গঁড় গণনাৰ কাম ৷
ৰাষ্ট্ৰীয় উদ্যানখনৰ (Manas National Park) বাঁহবাৰী, ভূঞাপাৰা, পাণবাৰী, বুঢ়াবুঢ়ী ৰেঞ্জত চলাইছিল গঁড়ৰ জৰীপ কাৰ্য ৷ হাতীৰে উদ্যান কৰ্তৃপক্ষই চলাইছিল এই জৰীপ কাৰ্য ৷ বিগত দুটা দিনত উদ্যানখনত প্ৰত্যক্ষ হৈছিল মাত্ৰ চল্লিশটা গঁড় ৷ প্ৰণিধানযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত বিগত বৰ্ষত গঁড়ৰ সংখ্যা আছিল ৪৮টা ৷
ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিচালকগৰাকীয়ে জানিবলৈ দিয়া মতে বৰষুণ আৰু ডাঠ হাবিৰ বাবে উদ্যানখনৰ ভিতৰভাগত প্ৰৱেশ কৰিবলৈ সক্ষম নহ'ল, যাৰ বাবে প্ৰত্যক্ষ কৰিব নোৱাৰিলে বাকী গঁড়কেইটা ৷ অৱশ্যে আশা কৰা হৈছে ৪৮টাতকৈ বৃদ্ধি পাব গঁড়ৰ সংখ্যা ৷ উল্লেখ্য যে কাজিৰঙা আৰু পবিতৰাৰ পিছত বিগত ১ এপ্ৰিলৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানতো আৰম্ভ হৈছিল গঁড়ৰ জৰীপ, যাৰ বাবে বিগত তিনি দিন ধৰি পৰ্যটকৰ বাবে বন্ধ আছে মানসৰ প্ৰৱেশদ্বাৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে জানিবলৈ দিয়া মতে বতৰ ফৰকাল হ'লে পুনৰ গঁড়ৰ জৰীপ কাৰ্য আৰম্ভ হ'ব (Rhino census in Manas National Park) ৷
Published by: Gautam Barman
First published: April 03, 2022, 17:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|