কাজিৰঙা (Kaziranga) আৰু পবিতৰাৰ পাছত আজিৰে পৰা ৩ এপ্ৰিললৈ প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত আৰম্ভ হৈছে গঁড় গণনা প্ৰক্ৰিয়া। যাৰ বাবে পৰ্যটকৰ বাবে তিনি দিনলৈ বন্ধ কৰি দিয়া হ'ল মানসৰ প্ৰৱেশদ্বাৰ । আজি পুৱাৰে পৰা মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বন বিভাগ ফালৰ পৰা আৰম্ভ কৰিছে গঁড় গণনা (Rhino Census) প্ৰক্ৰিয়া ৷
এইফালে মানসৰ জীপ ছাফাৰী এছোচিয়েছনকে ধৰি কেইবাটাও স্থানীয় স্বেচ্ছাসেৱী সংগঠনেও বন বিভাগক সম্পূর্ণ সহযোগিতা আগবঢ়াইছে । নেৰানেপেৰা কিনকিনিয়া বৰষুণৰ মাজতো উদ্যানখনৰ ভিতৰভাগত চলিছে গঁড় গণনা প্ৰক্ৰিয়া ৷ হাতী ছাফাৰী (Elephant Safari)ৰ লগতে জীপ ছাফাৰীৰে চলাইছে গড় গণনাৰ কাম ৷ মানসত ইতিমধ্যে প্ৰথমটো দিনত ২৪টা গঁড়ৰ সন্ধান পোৱা বুলি জানিব পৰা গৈছে।
মানস ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত এইবাৰ গঁড় (Rhino)ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি স্থানীয় লোকে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত গণনাৰ পূৰ্বে ৪৮টা গঁড়় আছিল ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|