মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও জিলাত ভংগ হ’ল শূন্য গঁড় হত্যাৰ ধাৰা, ৪ বছৰৰ পিছত বাগৰি বনাঞ্চলত গঁড় হত্যা, চোৰাং চিকাৰীয়ে কাটি নিলে খড়্গ

নগাঁও জিলাত ভংগ হ’ল শূন্য গঁড় হত্যাৰ ধাৰা, ৪ বছৰৰ পিছত বাগৰি বনাঞ্চলত গঁড় হত্যা, চোৰাং চিকাৰীয়ে কাটি নিলে খড়্গ

২০১৮-১৯ আৰু ২০১৯-২০ত শংকৰব্ৰত ৰায়মেধিয়ে এই কৃতিত্বৰ বাবে অসম আৰক্ষীৰ প্ৰশংসা বুটলিছিল। এই ধাৰা ২০২০-২১ত অব্যাহত ৰাখিছিল আইপিএছ অভিজিৎ গৌৰৱেও।

২০১৮-১৯ আৰু ২০১৯-২০ত শংকৰব্ৰত ৰায়মেধিয়ে এই কৃতিত্বৰ বাবে অসম আৰক্ষীৰ প্ৰশংসা বুটলিছিল। এই ধাৰা ২০২০-২১ত অব্যাহত ৰাখিছিল আইপিএছ অভিজিৎ গৌৰৱেও।

২০১৮-১৯ আৰু ২০১৯-২০ত শংকৰব্ৰত ৰায়মেধিয়ে এই কৃতিত্বৰ বাবে অসম আৰক্ষীৰ প্ৰশংসা বুটলিছিল। এই ধাৰা ২০২০-২১ত অব্যাহত ৰাখিছিল আইপিএছ অভিজিৎ গৌৰৱেও।

  • Share this:
৪ বছৰৰ পিছত নগাঁও জিলাৰ অন্তৰ্গত বাগৰি ৰেঞ্জত সংঘটিত হ'ল গঁড় হত্যাৰ ঘটনা। ২০১৯ চনৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙাৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত হোৱা নাছিল গঁড় হত্যা (Kaziranga National Park)। Zero Rhino Poachingৰ বাবে নগাঁও আৰক্ষীয়ে লাভ কৰিছিল বিশেষ স্বীকৃতি। নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ আমোলত প্ৰথমবাৰৰ বাবে শূন্য গঁড় হত্যাৰ কৃতিত্ব লাভ কৰিছিল নগাঁও আৰক্ষীয়ে।

২০১৮-১৯ আৰু ২০১৯-২০ত শংকৰব্ৰত ৰায়মেধিয়ে এই কৃতিত্বৰ বাবে অসম আৰক্ষীৰ প্ৰশংসা বুটলিছিল। এই ধাৰা ২০২০-২১ত অব্যাহত ৰাখিছিল আইপিএছ অভিজিৎ গৌৰৱেও। ২০২১-২২টো এটাও গঁড় হত্যা হোৱা নাছিল। শূন্য গঁড় হত্যাৰ বাবে অসম আৰক্ষীৰ পদক পাইছিল কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাই।

২০১৮ চনত জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাৰ গুলীত নিহত হৈছিল ৩টা মণিপুৰী চোৰাং চিকাৰী। উদ্ধাৰ হৈছিল ৩টা একে৪৭ ৰাইফল আৰু বৃহৎ পৰিমাণৰ গুলী। নগাঁও আৰক্ষীয়ে গঁড় হত্যা কৰিবলৈ অহা মণিপুৰৰ আন এটা চোৰাং চিকাৰীকো হয়বৰগাঁৱত এখন হুণ্ডাই গেটজ বাহনসহ গ্ৰেপ্তাৰ কৰিছিল। উদ্ধাৰ কৰিছিল এটা এ কে ৪৭ ৰাইফল আৰু ১৬০জাই গুলী। নগাঁৱৰ সেইসময়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত চলা অভিযানত নগাঁও আৰক্ষীয়ে লাভ কৰিছিল এই সফলতা।

নগাঁও আৰক্ষীয়ে ইয়াৰ পিছতে কাৰ্বি আংলং আৰু মেঘালয়টো অভিযান চলাইছিল। নগাঁও আৰক্ষীৰ দলে জখলাবন্ধাৰ বুঢ়পাহাৰ ৰেঞ্জৰ পৰাও চোৰাং চিকাৰীয়ে পাহাৰত লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল। ইয়াৰ পিছৰে পৰা নগাঁও জিলাৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জত সম্পূৰ্ণৰূপে বন্ধ হৈছিল গঁড় হত্যা।

কিন্তু এতিয়া পুনৰ চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ কাটি নিয়া ঘটনাই অস্বস্তিত পেলাইছে অসম আৰক্ষীক। কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ কাঠপাৰা বন শিবিৰৰ ওচৰত সংঘটিত হৈছে এই গঁড়হত্যাl জিপি সিঙে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব লোৱাৰ পিছত এয়া প্ৰথমটো গঁড়হত্যাৰ ঘটনা।

ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে কাজিৰঙাৰ এই ঘটনাই অস্বস্তিত পেলাইছে চৰকাৰকো। ইতিমধ্যে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশত নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। পিছে বন বিভাগৰ তথ্য অনুসৰি, ৪-৫দিন পূৰ্বেই  এই ঘটনা সংঘটিত হৈছে। সেয়ে বৰ্তমান চোৰাং চিকাৰীৰ সন্ধান উলিওৱাত আৰক্ষীৰ যথেষ্ট অসুবিধা হ'ব। দ্বিতীয়তে অহা ৬ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণ কাৰ্যসূচীৰ বাবেও আৰক্ষীৰ ব্যস্ততা যথেষ্ট বৃদ্ধি পাইছে।

শেহতীয়া বাতৰি